Regional
নতুন দিল্লীঃ ভাৰতীয় শ্বুটাৰ অবনী লেখাৰাই পেৰালিম্পিকত স্বৰ্ণপদক জয়েৰে নতুন ইতিহাসৰ সূচনা কৰিছে। পেৰালিম্পিকত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰূপে বিবেচিত হৈছে অবনী । ১৯ বছৰীয়া অবনীয়ে ফাইনেলত ২৪৯.৬ স্ক’ৰ কৰি অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। স্বাভাৱিকতে অবনীৰ সাফল্যত বিমল আনন্দ লাভ কৰিছে দেশবাসীয়ে। দেশৰ প্ৰাক্তন অলিম্পিয়ান শ্বুটাৰ জয়দীপ কৰ্মকাৰেও অবনীৰ সাফল্যত আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইফালে ট’কিঅ' অলিম্পিক আৰু পেৰালিম্পিকত ভাৰতে অৰ্জন কৰিছে অভূতপূৰ্ব সফলতা। অলিম্পিকত ভাৰতে মুঠ ৭ টা পদক জিকিছিল। দেশৰ ইতিহাসত চলিত বৰ্ষত এয়া সৰ্বাধিক পদকৰ সংখ্যা। আনহাতে, ভাৰতে চলিত পেৰালিম্পিকত ইতিমধ্যে ১০টা পদক লাভ কৰিছে।
অবনী লেখাৰাৰ প্ৰসংগত প্ৰাক্তন শ্বুটাৰগৰাকীয়ে কয়, ‘আমি দীৰ্ঘদিন ধৰি এই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি আছিলো। অলিম্পিকত শ্বুটিং দলৰ হতাশাজনক প্ৰদৰ্শনৰ পাছত অবনীৰ সাফল্যই সামান্য সকাহ দিছে। অবনীয়ে ১৯ বছৰ বয়সত স্বৰ্ণ জয় কৰাটো সচাকৈ আচৰ্যকৰ। ১১ বছৰ বয়সতে দুৰ্ঘটনাত পতিত হোৱাৰ পাছত এইদৰে প্ৰত্যাৱৰ্তন কৰাটো দেশৰ যুৱপ্ৰজন্মৰ বাবে প্ৰেৰণা।'
অবনী লেখাৰাৰ প্ৰশংসাৰ সমান্তৰালকৈ ভাৰতৰ ক্ৰীড়া আন্তঃগাঁথনি প্ৰসংগতো প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন এথলীট গৰাকীয়ে। তেওঁ সদৰী কৰে যে, ‘ভাৰতত পেৰা ক্ৰীড়া আন্তঃগাঁথনি উন্নত নহয়। সক্ষমসকলেও ইয়াক লৈ প্ৰশ্ন উত্থাপিত কৰে। ফলস্বৰূপে, এগৰাকী ক্ৰীড়াপ্ৰেমীয়ে দেশৰ হৈ খেলিবলৈ বহুতো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰিব লগা হয়। এই বাধাই যথেষ্ট চাপৰ সৃষ্টি কৰে। ভাৰতৰ বহুতে তেওঁলোকৰ অক্ষমতাৰ বাবে তাচ্ছিল্য শুনিব লগা হয়। কল্পনা কৰক অবনীয়ে কিমান কঠিন সময়ৰ মাজেৰে অতিক্ৰম হ'ব লগা হৈছিল! '
জয়দীপে ২০১৮ চনত জয়পুৰত অবনীৰ সৈতে সাক্ষাৎ হৈছিল। তেতিয়া তেওঁ অবনীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁ কয়, ‘মই ৰাজস্থান চৰকাৰৰ শ্বুটিং প্ৰশিক্ষক হিচাপে যোগদান কৰিছিলো। মই তাত অবনীৰ সৈতে কথা পাতিছিলো আৰু তাইক কিছু পৰামৰ্শ দিছিলো। মই যি কৈছিলো তাই তাকে নিষ্ঠাৰে পালন কৰিছিল। এইবাৰ অলিম্পিকতো সেই একে কৰ্তব্যনিষ্ঠা সূচাৰুৰূপে পালন কৰা দেখিলো। '
উল্লেখ্য যে, জয়দীপ কৰ্মকাৰে ২০১২ চনৰ লণ্ডন অলিম্পিকত পদক লাভ কৰিছিল। তেওঁ কয়, 'ডাঙৰ চহৰসমূহত শ্বুটিঙৰ বাবে ভাল আন্তঃগাঁথনি আছে। পুনে, দিল্লী আৰু হায়দৰাবাদৰ দৰে চহৰত ক্ৰীড়াউত্তৰণৰ বাবে চৰকাৰে বহুত কাম কৰিছে। কিন্তু সৰু একাডেমীসমূহত পেৰা এথলীটসকলৰ বাবে নিম্নতম আন্তঃগাঁথনিও নাই। আমি সৰু একাডেমীসমূহকো সমানে গুৰুত্ব দিয়া উচিত। তেতিয়া দেশৰ আৰু অধিক পেৰা অলিম্পিয়ান ওলাই আহিব।’
শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে দীৰ্ঘম্যাদী পদক্ষেপৰ ঘোষণা কৰিছে। অলিম্পিকত ভাৰতীয় ক্ৰীড়াবিদসকলৰ সাফল্যোৎসৱে দেশৰ ক্ৰীড়াক্ষেত্ৰত আনি দিয়া আলোড়নত উদ্দীপ্ত হৈ উঠক ক্ৰীড়ামঞ্চ।
Leave A Comment