Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
গুৱাহাটীঃ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছে সোণোৱাল চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক। বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলিছে বৈঠকত। ভোটাৰক আকৰ্ষণ কৰাৰ কৌশলো প্ৰস্তুত কৰিছে এই বৈঠকত। কেবিনেতে সিদ্ধান্ত কৰিছে যে, বড়োলেণ্ডত গঠন হ'ব ষ্টাফ কলেজ।
আৰু পঢ়িব পাৰিব : ব্যক্তিগত খণ্ডক শক্তিশালী কৰাৰ সপক্ষে প্ৰধানমন্ত্ৰী মোদী
৫৮০ জন হাইস্কুলৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰণৰ কৰাৰ কথাও উপস্থাপন কৰিছে। দীপক সংঘলৈ একঠা মটি আবণ্টন দিছে অসম চৰকাৰে। ভকেশ্য’নেল শিক্ষকৰ বাবেও সুখবৰ। উত্তৰ গুৱাহাটী উজান বজাৰ, ছয়মাইলৰ বাবে শিথিল। নিৰ্বাচনী কাম-কাজত ব্যৱহা কৰাৰ বাবে ৮ হাজাৰ হুইল চেয়াৰ ক্ৰয়ৰ সিদ্ধান্ত কৰিছে কেবিনেটে। ASDMAৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত কৰে চৰকাৰে।
আৰু পঢ়িব পাৰিব : নিষিদ্ধ কোকেইনসহ গ্ৰেপ্তাৰ হ’ল বিজেপিৰ যুৱ নেত্ৰী
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (P&RD)ত ১০ বছৰ কৰ্মৰত কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। চাহ মজদূৰসকলৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি কৰা হৈছে। দৈনিক মজুৰি ২১৭ টকাৰ লগতে অন্যান্য সুবিধাৰ নামত লাভ কৰিব ১০১ টকা। শ্ৰমিকসকলে মুঠ মজুৰি লাভ কৰিব ৩১৮ টকা। ক্ষুদ্ৰ চাহ খেতিয়কৰ মজুৰিৰ বিষয়তো আলোচনা কৰে কেবিনেতে।
Leave A Comment