• স্বামীৰ পাশৱিক অত্যাচাৰৰ বলি মহিলা: অতিষ্ঠ হৈ আৰক্ষী চকীত দিলে এজাহাৰ

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত সঘনাই বাতৰিৰ শিৰোনামা দখল কৰিছে মহিলা নিৰ্যাতনৰ ঘটনাই৷ এইবাৰ এক অমানবিয় কাণ্ড সংঘটিত হ'ল গুৱাহাটী মহানগৰীত৷ গৃহস্থ্য হিংসাৰ বলি হ'ল মহিলা৷ স্বামীয়ে ঝাড়ু,বেলতেৰে কোবাই জোতাৰে গছকি পাশৱিক অত্যাচাৰ কৰে মহিলাগৰাকীক৷

    নিশাই ভগদত্তপুৰ আৰক্ষী চকীত উপস্থিত হয় দুৰ্ভগীয়া মহিলাগৰাকী৷ ভগদত্তপুৰ আৰক্ষী চকীয়ে আটক কৰে অত্যাচাৰী দুলাল তালুকদাৰক৷ দুলাল তালুকদাৰ মহানগৰীৰ SAI RNS একাডেমিৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে৷ পত্নী কাকলি দাসৰ অভিযোগ দীৰ্ঘদিনৰ পৰা দুলাল তালুকদাৰৰ আছে অবৈধ সম্পৰ্ক৷ পাঠশালাত থকা তেওঁৰ শ্ৰীৰাম একাডেমিৰ মহিলা কৰ্মচাৰীৰ সৈতে আছে অবৈধ প্ৰেমৰ সম্পৰ্ক৷ যাৰ ফলত সঘনাই পত্নীক মাৰধৰ কৰে৷

    Weather Forecast