• সৰ্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিলে আস্থাই

    আঞ্চলিক
    সৰ্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিলে আস্থাই

    শিৱসাগৰ : সৰ্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিলে আস্থাই ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ লক্ষ্মী নগৰ নিবাসী দিলীপ মহন্ত আৰু ৰীণা মহন্তৰ একমাত্ৰ কন্যা আস্থা মহন্তই সৰ্বভাৰতীয় পৰীক্ষা (IIT JAM) ত ভাৰতৰ ভিতৰত ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিছে৷





    আৰু পঢ়িব পাৰিব :ভাৰতত দৈনিক ৪৪হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰনাত





    ভৱিষ্যতে আই আই টি কানপুৰ অথবা দিল্লীত পঢ়াৰ ইচ্ছা আছে ছাত্ৰীগৰাকীৰ । ইফালে সন্তানক লৈ আশাবাদী ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ । নিজৰ ছোৱালীক কোনো ক্ষেত্ৰতে বাধা দিয়াৰ পৰিবৰ্তে উৎসাহ দিব লাগে বুলি মন্তব্য কৰে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে ।





    আৰু পঢ়িব পাৰিব :যোৰাবাটত জব্দ চোৰাং গৰু কঢ়িওৱা ট্ৰাক! আটক চালক





    আনহাতে মেধাবী ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫শতাংশৰে অসমৰ ভিতৰত ২০তম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।