• সৰ্বস্ব ত্যাগ কৰি ভাষাটো জীয়াই ৰাখিব লাগিব...মাটি-মানুহ-ভাষা জননীৰ চিন্তাত উদ্বিগ্ন জ্ঞানপীঠ প্ৰাপক

    আঞ্চলিক
    সৰ্বস্ব ত্যাগ কৰি ভাষাটো জীয়াই ৰাখিব লাগিব...মাটি-মানুহ-ভাষা জননীৰ চিন্তাত উদ্বিগ্ন জ্ঞানপীঠ প্ৰাপক

    ডিজিটেল ডেস্ক : ‘ভাষাটো যিকোনো প্ৰকাৰে জীয়াই ৰাখিব লাগিব। সৰ্বস্ব ত্যাগ কৰি, সৰ্বস্ব পাহৰি অসমীয়া ভাষা জীয়াই ৰাখিব লাগিব। ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে ঐক্য নাথাকে।’ পুনৰ প্ৰাণৰ আপোন অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ কথা ভাবি উৎকণ্ঠিত হৈ উঠিল জ্ঞানপীঠ বঁটা প্ৰাপক কবি নীলমণি ফুকন। সমগ্ৰ জীৱনটো ভাষা-সাহিত্যৰ উৎকৰ্ষৰ বাবে উৎসৰ্গা কৰা কবিগৰাকীৰ কলম এতিয়া থমকি ৰৈছে। বয়সৰ বাধা আৰু শৰীৰৰ অসহযোগে তেওঁক ব্যতিব্যস্ত কৰি তুলিছে। কিন্তু আজিও সক্ৰিয় আৰু দুৰন্ত। অহৰহ তেওঁ চিন্তা কৰিছে ভাষাটোৰ উৎকৰ্ষৰ কথা।





    যিটো ভাষাৰ বাবে, যি সাহিত্যৰ ঐতিহ্যক আৰু অধিক উজ্জীৱিত কৰি তোলাৰ বাবে তেওঁ নিজৰ জীৱনটোকে উৎসৰ্গা কৰিছিল সেই ভাষা-সাহিত্য বৰ্তি থাকিবনে নাই তাক লৈ আজি জীৱনৰ বিয়লি বেলিকা তেওঁ শংকাত ভুগিবলগীয়া হৈছে। ভাষাটো এদিন কৰ’বাত লীন হৈ যাব, কোনো বহিঃশত্ৰুৱে গ্ৰাস কৰিব সেই শংকাত তেওঁ বাৰে বাৰে বাৰে যেন কঁপি উঠিছে। আজিও তাৰ ব্যতিক্ৰম নহ’ল। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কবিগৰাকীৰ ঘৰত উপস্থিত হৈছিল। জ্ঞানপীঠ বঁটাপ্ৰাপকগৰাকীক অভিনন্দন জনাবলৈ গৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মা। তাৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত কম্পিত কণ্ঠে পুনৰ ক’লে ভাষাটোক লৈ তেওঁৰ শংকাৰ কথা। ভাষাটো হেৰাই যোৱাৰ ভয়ে তেওঁক অহৰহ কিদৰে খুলি খুলি খাইছে সেইকথা কেইটামান বাক্যতে তেওঁ প্ৰকাশ কৰিলে। জ্ঞানপীঠ লাভৰ অনুভৱক আনন্দময় এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুলিও তেওঁ ব্যক্ত কৰিলে।










    ভাষাটো ৰক্ষাৰ চিন্তাত এনে এগৰাকী বৰেণ্য অসমীয়া উদ্বিগ্ন হৈ থাকিবলগীয়া হোৱাটো নিশ্চয় অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা। ভাষা ৰক্ষাৰ কথা কৈ তেওঁ উচুপি উঠা দৃশ্য দেখিবলগীয়া হোৱাটো নিসন্দেহে ভাষাপ্ৰেমী, জাতিপ্ৰেমী সকলো অসমীয়াৰ বাবেই কষ্টকৰ কথা। যোৱা বছৰ ‘কা’বিৰোধী আন্দোলনে যেতিয়া ভৰপক ৰূপ লৈছিল, তেতিয়াও এক অব্যক্ত বেদনাত ছটফটাইছিল ভাষাশিল্পী নীলমণি ফুকনে। ভাষা শিল্পক জীৱন শিল্পলৈ উত্তৰণ ঘটোৱা কবিগৰাকীৰ অন্তৰত বাৰে বাৰে এক সংশয় আৰু অসহায়তাৰ আৰ্তিয়ে ধুমুহা তুলিছিল।





    ‘কা’ বলৱৎ হ’ল ভাষাভিত্তিক পৰিচয়েৰে অস্তিত্ব বজাই ৰখা ৰাজ্যখনলৈ কি সংকট আহিব পাৰে সেই কথা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু উচুপি উচুপি কৈছিল, ‘আইৰ মুখৰ ভাষাটো হেৰাই যাব…’ ‘মাটিডোখৰ নাইকিয়া হ’ব…’, ‘ভেটিটো হেৰাই যাব…’ ‘কা’ৰ বিৰোধিতা কৰিবলৈ শাৰীৰিক বাধাৰ বাবে তেওঁ ৰাজপথত থিয় দিব পৰা নাছিল। কিন্তু মনৰ ভিতৰতে তেওঁ এখন প্ৰাণান্তক যুঁজ অহৰহ যুঁজি আছিল। আৰু তাৰেই প্ৰতিফলন ঘটিছিল তেওঁৰ এই কথাত। তেওঁৰ উচুপনিয়ে, তেওঁৰ চকুপানীয়ে শাসকৰ মন গলাব পৰা নাছিল ঠিকেই কিন্তু এটা ভাষাৰ বাবে এটা জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এগৰাকী সাহিত্য সাধকৰ, ভাষা জননীৰ এগৰাকী সুযোগ্য সন্তানৰ এই উচুপনি, এই ছটফটনিয়ে সমগ্ৰ অসমৰ আকাশতে যেন ঢৌ ধুমুহা তুলিছিল। সেই শংকা লৈয়েও তেওঁৰ জীৱনৰ এই শেষ সময়খিনি কটাবলগীয়া হোৱাটো জাতিটোৰ বাবেই দুৰ্ভাগ্যৰ কথা নহয়নে?






    উল্লেখ্য যে, তেওঁ জ্ঞানপীঠ লাভৰ পাছত তেওঁৰ কাষলৈ যোৱা শিক্ষামন্ত্ৰী ৰনোজ পেগুকো তেওঁ আহ্বান জনাইছিল, ‘মাতৃভাষাটো নেৰিবা। ইমান প্ৰতিযোগিতাৰ মাজত খাৰখোৱা অসমীয়াই কি কৰিব?… সাধ্য আছেনে?… কিবা প্ৰকাৰে ৰক্ষা কৰিব লাগিব। এনেকুৱা এটা সুৱদী ভাষা… মৌ বোৱাদি বয়…। অসমখন বৰ ধুনীয়া দেশ অ’… বৰ ধুনীয়া দেশ…! তেওঁলোকে (আহোমসকলে) ইয়ালৈ যেতিয়া প্ৰথম নামি আহে… সোণাৰিৰ ওচৰেদি… নামি আহোঁতেও তেওঁ কৈছিল, মুন লুং চুং খাম… এখন সোণোৱালী বাগিচাৰ দেশ।’ অসমীয়া ভাষা-সাহিত্যক অতুলনীয় সমৃদ্ধি দান কৰা কবি নীলমণি ফুকনৰ দৰে এগৰাকী বৰেণ্যৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ৰজাঘৰীয়াই ভাষা ৰক্ষাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। সমগ্ৰ জীৱনটো ভাষা-সাহিত্যৰ উৎকৰ্ষ আৰু বিকাশৰ বাবে কাম কৰা কবিগৰাকীৰ জীৱনৰ এই শেষ সময়খিনি উদ্বেগমুক্ত হৈ কটোৱাৰ সুযোগ দিয়াটো আমাৰ প্ৰত্যেকৰে দায়িত্ব নহয়নে?