• হত্যাকাণ্ডৰ ৪০দিনৰ পাছতো ন্যায় নাপালে প্ৰাঞ্জলৰ পিতৃ-মাতৃয়ে!

    আঞ্চলিক
    হত্যাকাণ্ডৰ ৪০দিনৰ পাছতো ন্যায় নাপালে প্ৰাঞ্জলৰ পিতৃ-মাতৃয়ে!

    নগৰবেৰাঃ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ হৰিপদ কলিতাৰ একমাত্ৰ পুত্ৰ প্ৰাঞ্জল কলিতা (২৯) নামৰ এগৰাকী যুৱকক গুৱাহাটীৰ বেলতলাত শোৱাপাটীতে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰাৰ প্ৰায় ৪০দিন উকলি যোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে। পৰিয়ালৰ লোকে জনোৱা মতে প্ৰাঞ্জল কলিতাই পৰিয়ালৰ দাৰিদ্ৰতা মোচনৰ বাবে গুৱাহাটীৰ বেলতলাত সত্যজিৎ ডেকা নামৰ এগৰাকী লোকৰ বি ডি মিটচ শ্বোপত কাম কৰিছিল।





    আৰু পঢ়িব পাৰিব :   অৱশেষত কালান্তক কৰ’নাৰ পৰা হাত সাৰিবলৈ চৰকাৰে ঘোষণা কৰিলে দুসপ্তাহৰ লকডাউন





    বিগত ২১ মাৰ্চত দোকান সামৰি বেলতলাৰ ভাড়াঘৰত শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই প্ৰাঞ্জল কলিতাক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰাৰ খবৰ বিয়পি পৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰাৰ লগতে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাৰ অধীনত ১১১০/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখে। আৰক্ষীয়ে ঘটনাত জড়িত অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস দিছিল যদিও হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰায় ৪০দিন পাছতো দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষোভপ্ৰকাশ কৰিছে প্ৰাঞ্জল কলিতাৰ পৰিয়ালৰ লগতে মেধিপাৰা গাঁৱৰ একাংশ সচেতন লোকে।





    আৰু পঢ়িব পাৰিব :   ভয়ংকৰ অগ্নিকাণ্ডঃ বাসগৃহসহ লক্ষাধিক টকাৰ সম্পত্তি ভস্মিভূত





    ব্ৰয়লাৰ ফাৰ্মৰ সত্ৰাধিকাৰী সত্যজিৎ ডেকাও নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাঞ্জল কলিতাৰ পৰিয়ালৰ লোকে। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক প্ৰাঞ্জল কলিতাৰ হত্যাকাৰীক যিকোনো প্ৰকাৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ মহানগৰ আৰক্ষীক দাবী জনাইছে পৰিয়ালৰ লগতে মেধিপাৰা গাঁওবাসীয়ে।