Regional
Assam CM Himanta Biswa Sarma went to the construction site this morning to inspect the progress...
গুৱাহাটী : ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ডিম্পল হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে লতাশিল আৰক্ষীয়ে৷ মহানগৰীৰ উজানবজাৰত সংঘটিত হোৱা ডিম্পল হত্যাকাণ্ডৰ ‘অপৰাধিত কাৰ্যৰ পুনৰনিৰ্মাণ’ (Crime Scene Reconstruction)ৰ বাবে আজি আৰক্ষীয়ে হত্যাকাৰী আশ্বিকক লৈ উপস্থিত হয় ঘটনাস্থলীত৷ বিশাল কনভয়ৰ মাজেৰে হত্যাকাৰী আশ্বিক গুপ্তাক লৈ আৰক্ষী উপস্থিত হয় ডিম্পলৰ ঘৰত৷ আশ্বিকে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ পাছত আৰক্ষীয়ে দুদিনৰ জিম্মাত লৈছিল আশ্বিকক৷
অৱশ্যে আশ্বিকে বৰ্তমানেও কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে তাক লৈ এতিয়াও ৰহস্যৰ ওৰ পৰা নাই৷ পৰিকল্পিতভাৱে ডিম্পলক হত্যা কৰাৰ পাছত হত্যাকাৰীয়ে ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীৰ নিৰন্তৰ হেঁচা আৰু হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰীত ফিংগাৰ প্ৰিন্টৰ মিল পোৱা থকা বুলি কোৱাৰ পাছতহে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছিল আশ্বিকে৷
ইয়াৰ আগলৈকে বাৰে বাৰে মিছা কথা কৈ আছিল ডিম্পলৰ সম্বন্ধীয় ককায়েক আশ্বিকে৷ উল্লেখ্য যে, আশিকে ডিম্পলক শাসন কৰিবলৈ এই কাণ্ড সংঘটিত কৰা বুলি আৰক্ষীক অৱগত কৰিছে৷ মৃত্যুৰ পাছতো ডিম্পলক অপবাদ দিবলৈ চেষ্টা কৰিছে হত্যাকাৰী আশ্বিকে৷ আৰক্ষীৰ জিম্মাত থকা আশ্বিকে শনিবাৰে আৰক্ষীক দেখুৱালে কেনেদৰে ডিম্পলক হত্যা কৰিছিল বন্ধ কোঠাত৷ মাত্ৰ ১০ মিনিটৰ ভিতৰত সমগ্ৰ হত্যাকাণ্ড কেনেদৰে সংঘটিত কৰিছিল তাৰ শিহৰণকাৰী দৃশ্যৰ নাটকীয় ৰূপ আৰক্ষীক কৰি দেখুৱালে শীতল মস্তিষ্কৰ অপৰাধীজনে।
Leave A Comment