• হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা লম্পট স্বামীৰ

    আঞ্চলিক
    হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা লম্পট স্বামীৰ

    বৰপেটা: বৰপেটাৰ কলগাছিয়াৰ বিলৰটাৰীত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। স্বামীয়ে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। স্বামী আছান আলী তালুকদাৰক ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিলৰটাৰী গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড।





    আৰু পঢ়িব পাৰিব :বিবাহ যাত্ৰীৰ গাড়ীৰ সন্মুখত নাহৰফুটুকীৰ বিচৰণ : হাঁহচৰাত আতংক !





    বিলৰটাৰী গাঁৱৰ আছান আলী তালুকদাৰৰ পত্নী তথা ৪ সন্তানৰ মাতৃ আবিদা খাতুন (২৭)ক হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি। আবিদা খাতুনৰ পিতৃয়ে জানিবলৈ দিয়া মতে, নিশা স্বামী-স্ত্ৰীৰ মাজত সংঘটিত হৈছিল কাজিয়া|





    আৰু পঢ়িব পাৰিব :বৰ্ণ বৈষম্য : ৰশ্মি সামন্তৰ প্ৰসংগত ৰাজ্যসভাত সৰৱ চৰ্চা





    মূৰত প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় আবিদা খাতুনৰ ৷ কিন্তু মৃতদেহটো চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ সন্দেহ কৰিছে আবিদাৰ পিতৃৰ পৰিয়ালৰ লোকে। পাছত ৰাইজে আছান আলী তালুকদাৰক আটক কৰি আৰক্ষীক গটাই দিয়ে। ইফালে কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আবিদা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।