আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ঘটনাই নতুন মোৰ লোৱা দেখা গৈছে৷ আৰক্ষীৰ তদন্তত এই কথা প্ৰকাশ পাইছে। সাংবাদিকজনলৈ কিছুদিন পূৰ্বে আহিছিল ভাবুকি ভৰা মেছেজ৷
আৰু পঢ়িব পাৰিব :পুনৰ তেলখাদত ভয়ংকৰ অগ্নিকাণ্ড, ১০০০ লোকক স্থানান্তৰ…
ম’বাইলত দুটাকৈ মেছেজ দিছিল জনৈক জুলফিকৰ নামৰ এজন লোকে৷ ইতিমধ্যে সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে জুলফিকৰক৷ উল্লেখ্য যে, হাতীগাঁৱৰ এটা নলাত উদ্ধাৰ হৈছিল সাংবাদিক চুতীয়াৰ মৃতদেহ৷
আৰু পঢ়িব পাৰিব :ভঙা ভৰিৰেই ৰণ অব্যাহত ৰাখিছে মমতা বেনাৰ্জীয়ে
নিজ বাসগৃহৰ সমীপতে উদ্ধাৰ হয় মৃতদেহটো৷ নিশা পানী-মটৰৰ ছুইচ দিবলৈ আহি নিখোঁজ হৈছিল চুতীয়া৷ চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষী-চিআইডিৰ এটা দলে৷
Leave A Comment