• হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃত ১, আহত কেইবাজনো

    আঞ্চলিক
    হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃত ১, আহত কেইবাজনো

    হাইলাকান্দি: হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে চাৰিজন লোক। দেওবাৰে নিশা প্ৰায় ১ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় হাইলাকান্দি জিলাৰ জানকিবজাৰৰ ১৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত।





    আৰু পঢ়িব পাৰিব : ‘কা’ বলবৎ হ’বই : পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি





    শিলচৰৰ পৰা অহা এখন ML 04 B 8395 নম্বৰৰ এখন চাৰিচকীয়া বাহনে দ্ৰুতগতিত হাইলাকান্দি অভিমুখে আহি থকা অৱস্থাত জানকী বজাৰত ৰখাই থকা AS 01 FC 5864 নম্বৰৰ এটা ট্ৰাকত খুন্দা মাৰাৰ ফলত মৃত্যু হয় চাৰিচকীয়া বাহনখনত থকা বিষ্ণু অধিকাৰী নামৰ এজন লোকৰ। আনহাতে চাৰিজন লোক আহত হয়। আহত লোককেইজন হ’ল সুভৰ দাস চৌধুৰী, বিপ্লৱ দাস, অশক সিনহা, মলাই দাস।





    আৰু পঢ়িব পাৰিব : শোকাৱহ ঘটনাত মৃত্যু পাঁচটিকৈ শিশুৰ





    আহত লোককেইজন কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰৰ বুলি জানিব পৰা গৈছে। মৃত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, লগতে আহত কেইজনক হাইলাকান্দি সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়লৈ লৈ অহা হয়। আনহাতে এজনক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।