• হাজোত মীন মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ

    আঞ্চলিক
    হাজোত মীন মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ

    হাজোঃ হাজোৰ গৰ্জন বিলত মীন বিভাগে এটি পকল্পৰ জৰিয়তে পুখুৰী খান্দিবলৈ লোৱা এটি পকল্পক লৈ হাহাকাৰ কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত। কিয়নো ৰাইজৰ ভয় যে, কেইবাশ বিঘা মাটিত হ'বলগীয়া এই পকল্পৰ পাছতে গৰ্জনপাৰৰ গাঁও বাগটা, ভোমাৰবড়ী, একাদি, দিহিনা আৰু জাপিয়া আদি গাঁও বাৰিষা পানীৰ তলত ডুব গৈ থাকিব। মাছমৰীয়াসকলে বাৰিষা উপাৰ্জনৰ পথ হেৰুৱাব।





    আৰু পঢ়িব পাৰিব :২০হাজাৰ টকীয়া বিৰিয়ানিয়ে চকু কপালত উঠাইছে গ্ৰাহকৰ





    ফলত ভয়াৱহ সংকটৰ দিশে আগবাঢ়িব গৰ্জনপাৰৰ কেইবাখনো গাঁৱৰ বাসিন্দাসকল। সেয়ে বিভাগীয়ভাৱে পুখুৰী খান্দিব ওলোৱা ঠাইৰপৰা ৰাইজৰ তীব্ৰ হুংকাৰ যে, ‘ইয়াত কোনো পুখুৰী খান্দিবলৈ দিয়া নহ'ব। মীনমন্ত্ৰী পৰিমল শুক্লবদ্য হায় হায়, অসম চৰকাৰ হায় হায়, গৰ্জন বিল ৰক্ষা কৰক, বানপানী প্ৰতিৰোধ কৰক, গৰ্জন বিলত পুখুৰী খান্দিবলৈ দিয়া নহ'ব, হাজো ৰাজহচক্ৰ বিষয়া হায় হায়’- আদি শ্লোগানে প্ৰতিবাদ সাব্যস্ত কৰে।





    আৰু পঢ়িব পাৰিব :মহাকাশ গৱেষণাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৭ মিনিটৰ ভিডিঅ’ প্ৰকাশ ‘নাছা’ৰ





    ৰাইজে চৰকাৰক সকীয়নি প্ৰদান কৰাৰ লগতে ‘মীন বিভাগে পুখুৰী খান্দিব লাগিলে প্ৰথমে ৰাইজক গুলীয়াই মাৰি মৰিশালী কৰিহে পুখুৰী খান্দিব পাৰিব।’- বুলিও স্থানীয় লোকে মন্তব্য কৰে।