• হাতত পাই বাটত নেহেৰুৱাব! আপোনাৰ পদূলিত ‘Pork on wheels’

    আঞ্চলিক
    হাতত পাই বাটত নেহেৰুৱাব! আপোনাৰ পদূলিত ‘Pork on wheels’

    গুৱাহাটীঃ গাহৰিৰ মাংস আপোনাৰ প্ৰিয় নেকি? যদি প্ৰিয় তেন্তে আৰু চিন্তাৰ কাৰণ নাই! এতিয়াৰে পৰা আপোনাৰ পদূলিতে উপলব্ধ হ’ব গাহৰিৰ মাংস। ৰাজ্যত নিৱনুৱা সমস্যাই গভীৰ সংকটময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে নিজৰ চিন্তা-চৰ্চাৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে মহানগৰীৰ এজন ছাত্ৰই। ছাত্ৰজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে ‘Duarah's Bacon’-নামৰ এক মাংস যোগানকাৰী প্ৰতিষ্ঠান।





    যি প্ৰতিষ্ঠানে ৮খন বিশেষ বাহনেৰে যোগান ধৰিব থলুৱা গাহৰিৰ মাংস। বিকাশ দুৱাৰা নামৰ এজন ছাত্ৰৰ প্ৰচেষ্টাতে এতিয়াৰে পৰা গুৱাহাটীত মোবাইল ভেনৰ জৰিয়তে বিজ্ঞানসন্মত পদ্ধতিৰে গ্ৰাহকে লাভ কৰিব সতেজ আৰু স্বাস্থ্যসন্মত মাংস। প্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ‘Pork on wheels’ৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ‘Duarah’s Bacon’ৰ শুভাৰম্ভণি কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। লগতে কাৰ্যসূচীত উপস্থিত থাকে জিএমচিৰ আয়ুক্ত দেৱাশিস শৰ্মা।





    ভাষণ প্ৰশংসত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘কৃষি বিভাগৰ কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ’ব।’ কৃষি বিভাগত প্ৰথম পৰ্যায়ত পদোন্নতিৰ ব্যৱস্থাও কৰা হ’ব বুলিও উল্লেখ কৰে তেওঁ। পদোন্নতিক লৈ হোৱা খাম-খেয়ালীৰ বিষয়টোক নস্যাৎ মন্ত্ৰীগৰাকীৰ। ‘খৰাঙত বিধ্বস্ত হোৱা কৃষকক সাহায্য প্ৰদানৰ চিন্তা কৰা হৈছে’- বুলিও মন্তব্য আগবঢ়ায় মন্ত্ৰীজনে। বানপানীত ক্ষতিগ্ৰস্ত হোৱাসকলৰ বাবে ১২০০ কোটি টকা ধাৰ্য কৰাৰ কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor