ক্ৰীড়া
ডিজিটেল ডেস্কঃ বেটাৰ লেট ডেন নেভাৰ… দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ প্ৰতিশ্ৰুতি দিছিল সোনোৱাল চৰকাৰে, হাতে-কামে লাগিছে হিমন্তব্ৰিগেড। আদাবাৰী বাছষ্টেণ্ডৰ হেণ্ডিমেনৰ দৰেই চৰকাৰী কাৰ্যালয়ত আপোনাৰ পিছত পৰিব দালাল। গান্ধিজীৰ ফটো সম্বলিত কাগজ হাতত গুজি নিদিয়ালৈকে দ'ম বান্ধিব আপোনাৰ কাগজ। দালাল-বিষয়া সকলো মেনেজ। কিন্তু এতিয়া অতীত হ'ব দালাল! মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উঠিপৰি লাগিছে দালাল উৎখাতত।
এইবাৰ নলবাৰীত চৰকাৰী কাৰ্যালয়ৰ দালাল চক্ৰক সকিয়নি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। এতিয়াৰে পৰা চক্ৰ বিষয়া, আৰক্ষী থানা, উপায়ুক্তৰ কাৰ্যালয়ত কোনো দালালি নচলিব! গাওঁ প্ৰধান সমূহকো সকীয়নি বিধায়ক জয়ন্ত মল্লৰ। নলবাৰীৰ ঘগ্ৰাপাৰ আৰু নলবাৰী ৰাজহ চক্ৰৰ গাওঁ প্ৰধানৰ কাৰ্যালয় মেৰামতিৰ বাবে পাঁচ পাঁচ লাখ টকাৰ অনুদান ঘোষণা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। শনিবাৰে নলবাৰীত অনুস্থিত গাওঁ প্ৰধান সন্মিলনত এই ঘোষণা কৰে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই। একেদৰে গাওঁ প্ৰধানক দিলে তীব্ৰ সকীয়নি।
কোনো সাধাৰণ লোকক হাৰাশাস্তি কৰা নচলিব, প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নামত ধনৰ লেনদেন বন্ধ কৰিব লাগিব বুলিও জয়ন্ত মল্ল বৰুৱাই সকীয়াই দিয়ে। নলবাৰী সমষ্টিৰ গাওঁ প্ৰধান সকলক লৈ নলবাৰীৰ বৰদৈচিলা লজত অনুস্থিত কৰা হৈছিল গাওঁ প্ৰধান সন্মিলন।
Leave A Comment