OffBeat
The theme of the 2023 W
গুৱাহাটী : ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদগৰাকী সম্পৰ্কত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে।
আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ ‘ইণ্টিগ্ৰেটেড ক্ৰীড়া নীতি’ৰ সংশোধনীৰ জৰিয়তে ক্ৰীড়াবিদক বিভিন্ন বিভাগত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়াৰো সিদ্ধান্ত লোৱা হৈছে।
আৰু পঢ়িব পাৰিব : ৩০ ইউনিটলৈ বিদ্যুৎ ৰেহাই… কেবিনেটে ল’লে ভালেমান নতুন সিদ্ধান্ত
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেবিনেটৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে।আৰক্ষী, আবকাৰী, পৰিবহন আদি বিভাগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পদক জয় কৰা ক্ৰীড়াবিদক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Leave A Comment