• হেডিংলিত এণ্ডাৰছনৰ নতুন অভিলেখ

    আঞ্চলিক
    হেডিংলিত এণ্ডাৰছনৰ নতুন অভিলেখ

    হেডিংলিঃ বিৰাট কোহলী বুলি ক’লে ক্ৰীড়ানুৰাগীৰ মাজত উতকণ্ঠাৰ যেন অন্ত নাই। নিজস্ব প্ৰতিভাৰ বলত কোহলীয়ে গঢ়ি গৈছে ইটোৰ পাছত সিটো অভিলেখ। কিন্তু তাৰকা বেটছমেনগৰাকীৰ শেহতীয়া প্ৰদৰ্শনে হতাশ কৰিছে ক্ৰীড়ানুৰাগীক। ভাৰতীয় অধিনায়কজনক টেষ্টৰ অভিজাত ফৰ্মেটত সৰ্বাধিক ৭বাৰ আউট কৰিছে ইংলেণ্ডৰ এগৰাকী শ্ৰেষ্ঠ পেচাৰে। চলিত ইংলেণ্ড ভ্ৰমণত উন্নত বেটিং প্ৰদৰ্শনত ব্যৰ্থ হৈছে বিৰাট কোহলী। লৰ্ডছৰ নটিংহামত কোহলী ২, ৪২ আৰু ২০ ৰাণত আউট হৈছিল।





    তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত কোহলীয়ে মাত্ৰ ৭ৰাণত পেভেলিয়নমুখী হৈছিল। জেমছ এণ্ডাৰছনে বুধবাৰে হেডিংলিত কোহলীক আউট কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এণ্ডাৰছনে নাথান লিয়নৰ সৈতে টেষ্টত বিৰাট কোহলীৰ সৰ্বাধিক ৭বাৰ আউট কৰিছে। ইয়াৰ পূৰ্বে, ভাৰতীয় কিংবদন্তি শচীন তেণ্ডুলকাৰক জেমছ এণ্ডাৰছনে টেষ্টত সৰ্বাধিক ৯বাৰ আউট কৰিছিল। লৰ্ডছৰ টছত জয়ী হৈ বেটিং কৰি ৪ ৰাণত ২টা উইকেট হেৰুৱা ভাৰতে ৫ উইকেটত ৬৭ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতীয় দলৰ অন্তিমজন বেটছমেন মহম্মদ চিৰাজে ড্ৰেছিং ৰূমলৈ উভতি অহাৰ পাছত ভাৰতে আটইকেইটা উইকেট হেৰুৱাই ৭৮ ৰাণত প্ৰথম ইনিংছৰ মোখনি মাৰে।