• হোজাইত কামনাৰ বলি যুৱতীঃ গোচৰ ৰুজু

    আঞ্চলিক
    হোজাইত কামনাৰ বলি যুৱতীঃ গোচৰ ৰুজু

    লংকাঃ হোজাইত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড। এক লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী ৪২বছৰীয়া বিশেষভাৱে সক্ষম যুৱতী। হোজাইৰ পূব ধনীৰাম পথাৰত সংঘটিত হৈছে এই জঘন্য ঘটনা।





    আৰু পঢ়িব পাৰিব সপ্তাহত ১০% আক্ৰান্ত হ’লে হ’ব কণ্টেইনমেণ্ট জ’ন, আৰু কি কি আছে নতুন নিৰ্দেশনাত?





    ঘৰৰ ওচৰত বিয়া আৰু কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে ওচৰৰে ভক্ত দাস নামৰ যুৱকজনে। মাক আৰু ভায়েকে প্ৰত্যক্ষ কৰি ঘৰৰ পিছফালে মুমূৰ্খ অৱস্থাত উদ্ধাৰ কৰে ছোৱালীজনীক।





    আৰু পঢ়িব পাৰিব ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ





    পৰৱৰ্তী সময়ত হোজাই আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ছোৱালীজনীক। বৰ্তমানেও পলাতক ধৰ্ষণকাৰী ভক্ত দাস আৰু পৰিয়ালবৰ্গ। হোজাই আৰক্ষীয়ে 296/21নং376(2) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।