• হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ

    আঞ্চলিক
    হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ

    গুৱাহাটী : ফাকুৱাৰ উছাহ-আনন্দৰ মাজতেই ৰাজ্যত সংঘটিত হৈছে কেইবাটাও ভয়াৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাবোৰত একাধিক লোক নিহত হৈছে। ইয়াৰ ভিতৰত, মঙলদৈৰ বেজপাৰাত সংঘটিত হয় এটা পথ দুৰ্ঘটনা। বাইক আৰু এচি ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত হয় এজন লোক।





    আৰু পঢ়িব পাৰিব : তিনিচুকীয়াত আৰক্ষীৰ অমানৱীয়তা, তীব্ৰ প্ৰতিক্ৰিয়া





    দুৰ্ঘটনাটোত আন এজন লোক আহতও হয়৷ নিহত লোকজন কলিতাপাৰাৰ বিশ্বজিৎ কলিতা (৩৪)বুলি জানিব পৰা হৈছে৷ আনহাতে, নিশা আমিনগাঁও ইনষ্টিটিউট কলনীতো পথ দুৰ্ঘটনা সংঘটিত হয়৷





    আৰু পঢ়িব পাৰিব : ৰাজ্যজুৰি পালন ফল্গু উৎসৱ : ফাঁচীবজাৰত মুখ্যমন্ত্ৰীৰ হোলী উদযাপন





    মেক্সিম’বাহন আৰু পালছাৰ বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী বিশ্বজিৎ দাস৷ জানিব পৰা মতে, আমিনগাঁও দয়ালনগৰৰ বাসিন্দা বিশ্বজিৎ৷