Regional
নতুন দিল্লীঃ ক্লাৱ ফুটবলৰ হৈ প্ৰথমটো গ’ল দিয়াৰ পাছত উত্সাহিত হৈ পৰাতো স্বাভাৱিক। যিকোনো এগৰাকী খেলুৱৈৰ বাবে এয়া পৰম প্ৰাপ্তি তথা প্ৰশান্তিৰ বতৰা। কিন্তু শেহতীয়াকৈ এটা গ’লেই কাল হ’ল এগৰাকী ফুটবলাৰৰ। এটাৰ গ’লৰ বাবে তেওঁ হেৰুৱাবলগীয়া হ’ল পিতৃক। বুধবাৰে অনুষ্ঠিত চেম্পিয়নছ লীগৰ এখন খেলত বিপুল জয়লাভ মানচেষ্টাৰ চিটীৰ। মানচেষ্টাৰ চিটীৰ বিৰুদ্ধে আৰবি লাইপজিগে ৬-৩ গ’লৰ ব্যৱধানত পৰাভূত হয়। এই খেলখনতে নাথান আকে খেলৰ ১৬ মিনিটত প্ৰথমটো গ’ল দি দলটোক অগ্ৰগতি দিয়ে। কিন্তু এই গ’লটোৱে কাঢ়ি নিলে খেলুৱৈ গৰাকীৰ পিতৃক।
পুত্ৰৰ গ’ল দিয়া বিৰল মুহূৰ্ত স্বচক্ষে দেখাৰ পাছতে শয্যাসায়ী পিতৃৰ মৃত্যু ঘটে চিকিত্সালয়ত। এনে এক হৃদয়বিদাৰক বাস্তৱতাকে মানি ল’বলৈ বাধ্য হৈছে নেদাৰলেণ্ডৰ খেলুৱৈ তথা মানচেষ্টাৰ চিটীৰ ডিফেণ্ডাৰ নাথান আকে। চিকিত্সালয়তে পুত্ৰৰ এই কৃতিত্ব প্ৰত্যক্ষ কৰিছিল কেন্সাৰ আক্ৰান্ত পিতৃয়ে। সামাজিক মাধ্যমযোগে পিতৃৰ মৃত্যুৰ কথা সদৰী কৰে তাৰকা ফুটবলাৰগৰাকীয়ে। অলপতে মৃত্যু হোৱা পিতৃক সম্বোধন কৰি আকে ইনষ্টাগ্ৰামত লিখিছিল যে, ‘মই জানো তুমি মোৰ সৈতে আছা। সদায় মোৰ হৃদয়ত থাকিবা। এই গ’লটো আপোনাৰ বাবে।'
আনহাতে অনুৰাগীসকলক সম্বোধন কৰি আকে সদৰী কৰে যে, ‘মই কালি কিছু কঠিন সময়ৰ পাছতে চেম্পিয়নছ লীগত গ'ল দিছিলো। আৰু গ’ল দিয়াৰ কেইমিনিটমানৰ পাছতে, মোৰ পিতৃৰ মৃত্যু হয়। সেইসময়ত মা আৰু ভাইটি মোৰ সৈতে আছিল। মই ভাবো এইটোৱেই অৰ্থৱহ, পিতাই মোক খেলি থকা দেখি সদায় সুখী আৰু গৌৰৱান্বিত হৈছিল। বিগত কেইসপ্তাহমান মোৰ জীৱনৰ আটাইতকৈ কঠিন সময় আছিল। মোৰ পিতৃ বহুত অসুস্থ আছিল আৰু কোনো চিকিৎসা সম্ভৱ নাছিল। মই মোৰ পিতৃ, পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা সমৰ্থন লাভ কৰি বহুত ভাগ্যৱান।’
উল্লেখ্য যে, মানচেষ্টাৰ চিটীয়ে বিগত বৰ্ষৰ আগষ্টত বোৰ্ণমাউথৰ পৰা ডিফেণ্ডাৰ নাথান আকেক ৪১ নিযুত ইউৰোত ক্ৰয় কৰিছিল। আকে এতিয়ালৈকে ক্লাবটোৰ হৈ ১৬ খন খেলত ২ টা গ'ল দিছে।
Leave A Comment