• ১হাজাৰ নিৰাপত্তাৰক্ষী লৈ ঢলপুৰত প্ৰশাসনৰ উচ্ছেদ, প্ৰথম দিনটোতে ২৭০০ বিঘা বেদখলমুক্ত কৰাৰ লক্ষ্য

    আঞ্চলিক
    ১হাজাৰ নিৰাপত্তাৰক্ষী লৈ ঢলপুৰত প্ৰশাসনৰ উচ্ছেদ, প্ৰথম দিনটোতে ২৭০০ বিঘা বেদখলমুক্ত কৰাৰ লক্ষ্য

    মঙলদৈঃ প্ৰভাৱশালী ৰাজনৈতিক নেতা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত শাসনৰ বাঘজৰী বিজেপিৰ হাতলৈ যোৱাৰ পাছৰেপৰা ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী-প্ৰশাসন। চৰকাৰে ৰূপায়ণ কৰা ন ন আঁচনিয়ে ৰাজ্যবাসীৰ মনলৈ আনিছে আশাৰ ৰেঙনি। কৃষিখণ্ডক উন্নত কৰাৰ লক্ষ্যৰে দৰঙৰ ছিপাঝাৰ সমষ্টিৰ ঢলপুৰত ৰাজ্য চৰকাৰৰ উদ্যোগত এক অভিলাষী কৃষি প্ৰকল্পৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
    প্ৰকল্পৰ বাবে প্ৰয়োজনীয় যি ভূমি চৰকাৰে অধিগ্ৰহণ কৰিছে। বৰ্তমানেও সেইস্থানৰ ৭৭ হাজাৰ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। বিভিন্ন দল-সংগঠনৰ দাবীত প্ৰথমে জিলা আৰক্ষীৰ অধীক্ষকৰ নেতৃত্বত বেদখলকাৰীসকলক আঁতৰি যাবলৈ কোৱা হৈছিল যদিও সুফল লাভ কৰা নাছিল জিলা প্ৰশাসনে। আজি দৰঙৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহৎ উচ্ছেদ অভিযানৰ আৰম্ভণি কৰা হয়। এক হাজাৰ নিৰাপত্তাৰক্ষী, দহখন জেচিবি, ট্রেক্টৰ, নাও, বৃহৎ সংখ্যক শ্ৰমিক লৈ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। দৰঙৰ ঢলপুৰত আজি দহটা স্থানত পৃথকে পৃথকে একেলগে উচ্ছেদ অভিযান চলোৱা হৈছে। প্ৰায় এক হাজাৰ পৰিয়ালৰ ঘৰ ভঙা গৈছে প্ৰথম পৰ্যায়ৰ অভিযানত। প্ৰথম দিনটো ২৭০০ বিঘা মাটি মুক্ত কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor