Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
শিৱসাগৰ : শিৱসাগৰ সদৰ আৰক্ষী থানাত আজি এটা কিন্নৰৰ ১০ জনীয়া দলে এক গোচৰ ৰুজু কৰে৷ নাজিৰাৰ মাইনা গগৈ নামৰ এগৰাকী কিন্নৰৰ বিৰোদ্ধে গোচৰ ৰুজু কিন্নৰৰ দলটোৰ৷ মাইনা গগৈ নামৰ কিন্নৰ গৰাকীয়ে মাহিলী ৩০ হাজাৰ টকা কমিছন দাবী কৰা বুলি অভিযোগ দলটোৰ৷
৩০ হাজাৰ টকা নিদিলে মাইনা গগৈয়ে এচিড ঢালি দিয়াৰো ভাবুকি দিয়া বুলি দলটোৱে এজাহাৰত অভিযোগ উত্থাপন কৰিছে৷ ৩০ বছৰ ধৰি শিৱসাগৰত থকা কিন্নৰৰ গুৰু মীনা বৰ্মনক মাইনা গগৈয়ে দিছিল এই ভাবুকি৷
মীনা বৰ্মন আৰু দহ গৰাকী কিন্নৰৰ এলেকা কাঢ়ি লোৱাৰ বাবে মাইনা গগৈয়ে ভাবুকি দিয়া বুলি এজাহাৰত উল্লেখ কৰিছে মীনা বৰ্মন আৰু কিন্নৰৰ দলটোৱে৷ উল্লেখ্য যে শেহতীয়াকৈ শিৱসাগৰত দুটা কিন্নৰৰ দলৰ মাজত সংঘাত তীব্ৰ হৈ পৰিছে৷
Leave A Comment