• ১২ বছৰ পৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকঃ হিমন্ত বিশ্ব শৰ্মা

    আঞ্চলিক
    ১২ বছৰ পৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকঃ হিমন্ত বিশ্ব শৰ্মা

    গুৱাহাটী : গুৱাহাটী : ১২ বছৰ পৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকৰ এই কথা সদৰী কৰে অসমৰ স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ আজি আয়োজিত এখন সংবাদমেলত শিক্ষকক নিযুক্তি আৰু বিদ্যালয় প্ৰাদেশিকীকৰণৰ দৰে গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে শিক্ষামন্ত্ৰীগৰাকীয়ে৷





    আৰু পঢ়িব পাৰিব : বৰষাৰাণীৰ ধমকত সভাৰ পৰা পলাল ধৰ্মকান্ত !





    ৰাজ্যত ৫ ফেব্ৰুৱাৰীত ২৯,৭০০ শিক্ষক নিযুক্তি প্ৰদান কৰিব শিক্ষাবিভাগে৷ লগতে ১,৬৯৮খন প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব৷ ২৬৪ খন উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ লগতে ১৫২খন জুনিয়ৰ কলেজ প্ৰাদেশিকীকৰণ কৰিব অসম চৰকাৰে৷ ২,১০৭ মাধ্যমিক বিদ্যালয় আৰু ৩৩খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব চৰকাৰে৷





    আৰু পঢ়িব পাৰিব : দীপৰ বিলৰ চকৰ্দো মিকিৰপাৰাত ভূ-মাফিয়াৰ দপদপনি





    ইপিনে প্ৰাথমিক বিদ্যালয়ত ৪,৪৩৯ টেট শিক্ষকক নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে তেওঁ৷ আনহাতে বৃহস্পতিবাৰে ১২ বজাৰ ভিতৰত ঘোষণা হ’ব এই নিযুক্তি তালিকা৷ ৱেবছাইটত উপলব্ধ হ’ব নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ তালিকা৷ ১২ বছৰপৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকৰ৷ সৰুসজাই ষ্টেডিয়ামত হ’ব নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান৷