• ১৬.২৫ কোটি : আইপিএলৰ নিলামত ক্ৰিছ ম’ৰিছৰ চমৎকাৰ

    আঞ্চলিক
    ১৬.২৫ কোটি : আইপিএলৰ নিলামত ক্ৰিছ ম’ৰিছৰ চমৎকাৰ

    মুম্বাই : বহু প্ৰত্যাশিত আইপিএলৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ চেন্নাইত অনুষ্ঠিত হৈ আছে আইপিএলৰ নিলাম অনুষ্ঠান৷ এইবাৰ আইপিএলৰ নিলামত ইতিহাস ৰচনা দক্ষিণ আফ্ৰিকাৰ ক্ৰিছ ম’ৰিছৰ৷ সৰ্বোচ্চ ১৬.২৫ কোটি টকাত ক্ৰিছ ম’ৰেছক ক্ৰয় কৰে ৰাজস্থান ৰ’য়েলছে৷





    আৰু পঢ়িব পাৰিব : তিনিচুকীয়াত দুটা বনৰৌসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ





    ইয়াৰ পূৰ্বে ১৬ কোটিৰ সৰ্বোচ্চ দৰদ দিল্লী ডেয়াৰডেভিলছে ক্ৰয় কৰিছিল যুৱৰাজ সিঙক৷ ১৪.২৫ কোটিত আৰচিবি-এ ক্ৰয় কৰে গ্লেন মেক্সৱেলক৷ শিৱম ডুবেক ৩.৪ কোটিত ক্ৰয় কৰে ৰাজস্থান ৰ’য়েলছে, ২.৫ কোটিত ষ্টিভ স্মিথক ক্ৰয় কৰিছে দিল্লী কেপিটেলছে, ৭ কোটিত মোইন আলীক ক্ৰয় কৰে চেন্নাই ছুপাৰ কিংছে, ছাকিবল হাছানক ৩.২ কোটিত ক্ৰয় কৰিলে কেকেআৰ-এ৷





    আৰু পঢ়িব পাৰিব : স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথম : ফাঁচিকাঠত ওলমিব হত্যাকাৰী শ্ববনম





    উল্লেখ্য যে, ব্যয়ৰ বাবে সৰ্বোচ্চ ৫৩.২০ কোটি আছে পঞ্জাব কিংছৰ হাতত৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলুৰুৰ হাতত আছে ৩৫.৪ কোটি, ছানৰাইডাৰ্ছ হায়দৰাবাদৰ হাতত আছে ১০.৭৫ কোটি, ৰাজস্থান ৰ’য়েল্ছৰ হাতত আছে ৩৭.৮৫ কোটি টকা৷