• ৩০ ইউনিটলৈ বিদ্যুৎ ৰেহাই... কেবিনেটে ল’লে ভালেমান নতুন সিদ্ধান্ত

    আঞ্চলিক
    ৩০ ইউনিটলৈ বিদ্যুৎ ৰেহাই... কেবিনেটে ল’লে ভালেমান নতুন সিদ্ধান্ত

    গুৱাহাটী : বাজেট অধিৱেশনৰ পূৰ্বে বুধবাৰে দিছপুৰত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে চৰকাৰে। ৰাজ্যত ৩০ ইউনিটলৈ বিদ্যুতৰ বিল ৰেহাইৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত। ৰাজ্যৰ সকলো স্তৰৰ লোকে এই সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে৷





    আৰু পঢ়িব পাৰিব : অধিৱেশনৰ আৰম্ভণীতেই উত্তপ্ত ! বিৰোধীৰ প্ৰতিবাদী সমদল






    তদুপৰি গুৱাহাটী প্ৰেছ ক্লাব, কৰুণাধাৰা, শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ লগতে কেইবাটাও সংস্থাক ভূমি আবন্টনৰ সিদ্ধান্ত লোৱা হয়৷ ইপিনে পিডব্লিউডি বিভাগক লোক নিৰ্মাণ বিভাগ ৰূপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ডিব্ৰুগড়ত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ নতুন চৌহদ নিৰ্মাণ হ'ব বুলিও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷





    আৰু পঢ়িব পাৰিব : নিশাই অসমত উপস্থিত অমিত শ্বাহ : আদৰিলে মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীয়ে






    আনহাতে, বৰাকত ৬টা বিভাগক লৈ অতি শীঘ্ৰে মিনি সচিবালয় আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে যিকোনো বাণিজ্যিক গৃহ নিৰ্মাণৰ বাবে এনাৰ্জী কনজাৰভেচন বিল্ডিং কোড মানিব লাগিব বুলি সিদ্ধান্ত লোৱা হয়। বাণিজ্যিক গৃহত অতিমাত্ৰা বিদ্যুৎ খৰছ কৰিব নোৱাৰিব বুলি এই বৈঠকতে নিয়ম নিৰ্ধাৰণ কৰা হয়৷