• ৩১ জুলাইত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

    আঞ্চলিক
    ৩১ জুলাইত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

    গুৱাহাটী : ৩১ জুলাইত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল৷ এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ কেইবাটাও ৱেবছাইটযোগে উপলব্ধ হ’ব ফলাফল৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফলসমূহ শিক্ষানুষ্ঠানসমুহলৈ ৩১জুলাইত পুৱা ৯বজাৰ আগত ই-মেইলযোগে প্ৰেৰণ কৰিব৷

    এইবৰ্ষত উচ্চতৰ মাধ্যমিক মুঠ শিক্ষাৰ্থী আছিল ২৪৯৮১২গৰাকী৷ তাৰ ভিতৰত বিজ্ঞান শাখাৰ ৩৮,৪৩০গৰাকী৷ কলাশাখাৰ আছিল ১,৯১,৮৫৫গৰাকী, বাণিজ্য শাখাৰ ১৮,৪৪৩গৰাকী৷ কাৰিকৰী শাখাৰ ১,০৮১ গৰাকী৷ পৰীক্ষা অনুষ্ঠিত হৈছিল ৮২০ টা কেন্দ্ৰত৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভিতৰত ১,৪৯৮টা শিক্ষা অনুষ্ঠান আছে৷ কেইবাটাও ৱেবছাইটযোগে উপলব্ধ হ’ব ফলাফল।

    ৱেবছাইটসমূহ হ’ল- WWW. ASSAMRESULT.IN

    WWW.NECARRIER.COM,

    WWW.AHSEC.ASSAM.GOVT.IN

    WWW.ASSAMJOBALERT.COM

    WWW.SCHOOLS9.COM