• ৩ কিশোৰক গছত বান্ধি শাস্তি একাংশ মৰেল পুলিচৰ

    আঞ্চলিক
    ৩ কিশোৰক গছত বান্ধি শাস্তি একাংশ মৰেল পুলিচৰ

    ডবকা : ডবকাৰ কপাহবাৰীৰ পদুমপুখুৰীত সংঘটিত হয় এক অমানৱীয় কাণ্ড। ৩কিশোৰক গছত বান্ধি তালিবানী শাস্তি একাংশ মাতব্বৰৰ৷ মানৱীয়তাৰ সকলো সীমা চেৰাই ৰচীৰে হাত-ভৰি গছত বান্ধি উপৰ্যুপৰি প্ৰহাৰ দুৰ্ভগীয়া ৩ কিশোৰক৷ কাঠৰ টুকুৰা, বাঁহৰ লাঠিৰে কিশোৰ কেইগৰাকীক প্ৰহাৰ কৰাৰ উপৰি হাত-ভৰিৰ আঙুলিত বেজী সোমাই নিৰ্যাতন চলায় একাংশই৷





    আৰু পঢ়িব পাৰিব :অবৈধ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২ ককাই-ভাই





    জানিব পৰা মতে, মছজিদৰ পানীৰ মটৰ চুৰি কৰাৰ সন্দেহত এই নাৰকীয় শাস্তি প্ৰদান কৰে একাংশ মৰেল পুলিছে৷ ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’৷ এই ঘটনাত জড়িত থকাসকলৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে৷ এইসকল হৈছে- কবিৰ উদ্দিন, কুতুব উদ্দিন, ইমদাদ হুছেইন, আমিৰ উদ্দিন, মস্তাক আহমেদ, আচাৰ উদ্দিন৷ এওঁলোকৰ নেতৃত্বতে উক্ত ঘটনা সংঘটিত হয়।





    আৰু পঢ়িব পাৰিব :বৰপেটাত নিচাজাতীয় টেবলেট আৰু ড্ৰাগছ সৰবৰাহকাৰী আটক





    অভিযুক্তসকল সুগন্ধী আগৰৰ কুখ্যাত ব্যৱসায়ী হিচাপে পৰিচিত হৈছে৷ বিদেশত সুগন্ধী আগৰ চোৰাংভাৱে ৰপ্তানী কৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে৷ জানিব পৰা মতে, এজন কিশোৰৰ অৱস্থা গুৰুতৰভাৱে অসুস্থ হোৱাত মোৰাঝাৰ থানাত অভিযুক্তসকলৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ৷