• ৪জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে ব্যৱসায়িক : ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন...

    আঞ্চলিক
    ৪জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে ব্যৱসায়িক : ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন...

    গুৱাহাটী : আলফাই কুইপৰ দুজন বিষয়াক অপহৰণ কৰা ঘটনাই ৰাজ্য জোকাৰি থকাৰ মাজতে শনিবাৰে নিশা মহানগৰীৰ মিৰ্জাৰ পৰা ৪জনীয়া এটা দুৰ্বৃত্তৰ দলে এজন ব্যৱসায়ীক অপহৰণ কৰে৷ এখন পান দোকানৰ সামগ্ৰী তথা গুটখাৰ পাইকাৰী ব্যৱসায়ী আছিল লোকজনৰ।





    আৰু পঢ়িব পাৰিব : নিৰাপত্তাৰক্ষীৰ জালত দুই লস্কৰ ঈ তৈবা সন্ত্ৰাসবাদী





    জানিব পৰা মতে যোৱা নিশা প্ৰায় ৯.৩০ মান বজাত মিৰ্জাৰ চকত থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি এখন সামগ্ৰী কঢ়িওৱা গাড়ীৰে ঘৰলৈ গৈ থকা অৱস্থাত কোনো দুৰ্বৃত্তই এটি কালিমন্দিৰৰ ওচৰত বাট ভেটি ধৰি মুনিন্দ্ৰ তালুকদাৰ ওফৰে মণিক অপহৰণ কৰি লৈ যায়।





    ইয়াৰ পাছতে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষীক অৱগত কৰোৱাৰ পিছত ততাতয়াকৈ এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মুনিদ্ৰ তালুকদাৰে চলাই যোৱা বাহনৰ ওচৰত .২২ পিষ্টলৰ ৬ৰাউণ্ড গুলি সহ এটি মেগজিন উদ্ধাৰ হয়। বৰ্তমানেও অপহৰিত ব্যক্তিজনৰ কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে। এতিয়ালৈকে অপহাৰণকাৰীৰ তৰফৰ পৰা পৰিয়ালৰ লোকলৈ কোনো ধৰণৰ ফোন অহা নাই।





    আৰু পঢ়িব পাৰিব : ভেকচিন লৈ অংগনৱাড়ী সহায়িকাৰ মৃত্যু : নাৰায়ণপুৰত চাঞ্চল্য…





    আৰক্ষীয়ে সন্দেহ কৰা মতে কনো ব্যৱসায়িক শত্ৰুতাৰ বাবেও এনে ঘটনা সংঘটিত হবলৈ পালে বুলি সাংবাদিকক জানিবলৈ দিলে কামৰূপ জিলা আৰক্ষী অধীক্ষকে। বৰ্তমান অপহৃত লোকজনৰ কোনো শুংসূত্ৰ নেপাই ভাগি পৰিছে পৰিয়ালৰ লোকসকল। পৰিয়ালৰ লোকৰ আহ্বান জনাই যে অতি সোনকালে তেঁওক সুস্থ শৰীৰে মুকলি কৰি দিয়ে।