জীৱন শৈলী
চিৰাং : চিৰাং জিলাৰ কাজলগাঁৱৰ গাতে লাগি থকা বিলাসপুৰ গাঁৱত আজি ৬টা হাতী দাঁতৰ সৈতে এজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জিলাখনৰ বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়া মতে আজি পুৱা ১০ বজাত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত ঢালিগাঁও থানাৰ অন্তৰ্গত বিলাসপুৰত চিণ্টু চৌধুৰী (৪৩) নামৰ লোকজনক আটক কৰে।
আৰু পঢ়িব পাৰিব : দেশৰ কনিষ্ঠতম মহিলা পাইলট কাশ্মীৰৰ আয়েছা
আটক কৰা লোকজনৰ পৰা অভিযানকাৰী দলে ৬টা হাতীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ধৃত লোকজনৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত মূল অপৰাধী তথা বন্য প্ৰাণীৰ চোৰাং চিকাৰী দুজন পলায়ন কৰিবলৈ সক্ষম হয়।
আৰু পঢ়িব পাৰিব : অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ
ইপিনে পলাতক চোৰাং চিকাৰী দুজনক আটক কৰিবলৈ বন বিভাগে চিৰাং আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। জব্দ কৰা হাতীৰ দাঁতকেইটাৰ ওজন ১০.৪৩৫ কিলোগ্ৰাম আৰু বজাৰ মূল্য ৫ লাখৰ অধিক হ'ব বুলি জিলা বন প্ৰাধিকাৰী পাতিৰিয়ে জানিবলৈ দিয়ে।
Leave A Comment