• ৫০ বছৰীয়া লোকৰ কামনাৰ বলি হৈ ৭ মাহৰ অন্তঃসত্ত্বা ১২ বছৰীয়া কিশোৰী

    আঞ্চলিক
    ৫০ বছৰীয়া লোকৰ কামনাৰ বলি হৈ ৭ মাহৰ অন্তঃসত্ত্বা ১২ বছৰীয়া কিশোৰী

    শিৱসাগৰ : বুধবাৰে আমগুৰিত সংঘটিত হয় অমানৱীয় ঘটনা৷ ৫০ বছৰীয়া লোকৰ কামনাৰ বলি হৈ ৭ মাহৰ অন্তঃসত্ত্বা হয় এগৰাকী ১২ বছৰীয়া কিশোৰী৷ এই জঘন্য ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ আমগুৰিৰ নামতি চাৰিআলিৰ আদৰ্শ গাঁৱত৷ ৫০ বছৰীয়া ববাতি আলীয়ে বলাৎকাৰ কৰি ৭ মাহৰ অন্তঃসত্ত্বা কৰে কিশোৰীগৰাকীক৷





    আৰু পঢ়িব পাৰিব : ভাইৰেল ভিডিঅ’ক লৈ সংবাদমেল : বিপদত সৰভোগৰ মহাজোঁটৰ প্ৰাৰ্থী





    জানিব পৰা মতে, কিশোৰীক কেইবামাহৰ আগৰেপৰা ঘৰত কোনো নথকাৰ সুযোগ লৈ একাধিকবাৰ বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল লম্পট ববাতি আলী নামৰ ধৃতজনে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে কিশোৰীগৰাকীৰ মাতৃয়ে আমগুৰি আৰক্ষীৰ এচৰত এজাহাৰ দাখিল কৰিছে।





    আৰু পঢ়িব পাৰিব : নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক মূল্যৰ সা-সম্পত্তি ভস্মীভূত





    আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 316 AB/506 আৰু POCSO আইনৰ 6 ধাৰাত 35/2021 নং গোচৰ পঞ্জীয়ন কৰি পলাতক ববাতি আলীক নাজিৰা মঠিয়াছিগাৰ বায়েকৰ ঘৰত আত্মগোপন কৰি থকাৰ পৰা গ্ৰেপ্তাৰ কৰে।