• ৫ ডিচেম্বৰত পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ প্ৰতিশ্ৰুতি: হঠাৎ উগ্ৰপন্থীৰ আক্ৰমণ আৰু চিৰদিনৰ বাবে হেৰাই গ'ল

    আঞ্চলিক
    ৫ ডিচেম্বৰত পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ প্ৰতিশ্ৰুতি: হঠাৎ উগ্ৰপন্থীৰ আক্ৰমণ আৰু চিৰদিনৰ বাবে হেৰাই গ'ল

    ডিজিটেল ডেস্ক : মণিপুৰৰ পিপুলছ লিবাৰেচন আৰ্মীৰ এম্বুশ্বত ছহিদ হয় অসম ৰাইফলছৰ কৰ্ণেলসহ ৭জনকৈ জোৱান৷ এই ভয়ংকৰ আক্ৰমণ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ পত্নী-পুত্ৰই থিতাতেই প্ৰান হেৰুৱাব লগা হয়৷ এই ঘটনাৰ কিছু ঘণ্টাৰ পাছত মণিপুৰৰ পিপুলছ লিবাৰেচন আৰ্মীয়ে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে লগতে ফটোও প্ৰকাশ কৰে৷ কিন্তু এই ভয়ংকৰ আক্ৰমণত চিৰ দিনৰ বাবে নিথৰুৱা হৈ ৰয় অসমৰ এটি দুৰ্ভগীয়া পৰিয়াল৷ উকা হৈ পৰি ৰয় এটি ঘৰ৷ নিজ পুত্ৰ জন্মদিনত চুটি লৈ ঘৰ অহাৰ কথা আছিল জোৱানজন৷ সেই মৰ্মে নিজ কৰ্তব্যৰ পৰাই পুত্ৰ জন্মদিনৰ বিশেষ আয়োজন কৰিবলৈ পত্নীক দিছিল দায়িত্ব৷ পিছে এই সপোন যেন মুহুৰ্ততে থানবান হৈ গ'ল৷









    এটি সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ আক্ৰমণ আৰু মুহুৰ্ততে শেষ সকলো৷ জোৱানজন হৈছে বাকসাৰ অসম ৰাইফলছৰ বীৰ জোৱান চুমন স্বৰ্গীয়াৰী৷ মনিপুৰত সন্ত্ৰাসবাদীৰ এম্বুজত অসম ৰাইফলছৰ বীৰ জোৱান চুমন স্বৰ্গীয়াৰী ছহিদ হয়৷ চুমন স্বৰ্গীয়াৰীৰ ঘৰ জিলখনৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰীত৷ ছহিদ স্বৰ্গীয়াৰী স্বৰ্গীয় কনক স্বৰ্গীয়াৰী আৰু মাতৃ ললিতা স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ আছিল৷









    চুমন স্বৰ্গীয়াৰীৰ পৰিয়ালত এগৰাকী বায়েকৰ লগতে তিনি বছৰীয়া লৰা সন্তান আৰু তেওৰ পত্নী আছিল৷ ২০১১ চনত অসম ৰাইফলছত যোগদান কৰিছিল তেওঁ৷ শেষবাৰৰ বাবে বিগত জুলাই মাহৰ ১০ তাৰিখে ঘৰত চুটিত আহি প্ৰায় ১৫ দিন পৰিয়ালৰ সৈতে থাকি পুনৰ কৰ্তব্যত যোগদান কৰিছিল৷ চুমনে তিনি বছৰীয়া পুত্ৰৰ জন্মদিনত ডিচেম্বৰৰ ৫ তাৰিখে পুনৰ চুটিত ঘৰলৈ অহাৰ কথা আছিল৷ আৰু তাৰ বাবে ঘৰত এক উল-মাখল পৰিবেশৰো সৃষ্টি হৈছিল৷ জন্মদনিৰ আয়োজনত ব্যস্ত হৈ পৰিছিল পৰিয়ালবৰ্গ৷ আৰু তাৰ মাজতে অহা এটি ফোনকলে সকলো স্পব্ধ কৰি তুলিছিল৷ স্বৰ্গীয়াৰীৰ মৃত্যুৰ বাতৰিয়ে অবুজন কৰি তুলিছিল পৰিয়ালটোক৷









    উল্লেখ্য যে, ছহিদ চুমন স্বৰ্গীয়াৰীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল কাহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা৷ তাৰপাছত ক্ৰমে হাইস্কুল জীৱনৰ শিক্ষা হিৰিম্বা বডো হাইস্কুল আৰু কলেজীয়া শিক্ষা বৰমা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ অসম ৰাইফলছত যোগদান কৰিছিল তেওঁ৷ চুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খৱৰেএক শোকাকুল পৰিৱেশে বিৰাজ কৰে।