• ৮লাখ চাহ শ্ৰমিকক ৩হাজাৰকৈ টকা বিলাব সীতাৰমণে...

    আঞ্চলিক

    গুৱাহাটী : আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ৷ খানাপাৰাত বিশাল আয়োজন ৰাজ্যিক বিজেপিৰ৷ চাহ  বাগিচা ধন পুৰস্কাৰ মেলা তৃতীয় পৰ্যায়ৰ বিতৰণী অনুষ্ঠানত ৰাজ্যৰ ৮লাখ চাহ শ্ৰমিকক ৩হাজাৰকৈ টকা বিলাব সীতাৰমণে৷ 

    আৰু পঢ়িব পাৰিব : ‘FLIPKART’ৰ কাৰ্যালয়ৰপৰা চোৰে লুটিলে ৭লাখ

    এই ধন বিতৰনত অংশ ল'বলৈ কাহিলীপুৱাই খানাপাৰাত বিভিন্ন প্ৰান্তৰ পৰা অহা চাহ শ্ৰমিকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ তৃতীয় পৰ্যায়ত ৭,৪৬,৬৬৭ গৰাকী চাহ শ্ৰমিকৰ বেংক একাউন্টত প্ৰত্যক্ষভাৱে প্ৰদান কৰা হ'ব ৩,০০০ টকাকৈ৷ এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণ, মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

    আৰু পঢ়িব পাৰিব : ক’ভিডৰ বাবে অন্তিম সুযোগ হেৰুওৱা ইউপিএছচিৰ প্ৰাৰ্থী পুনৰ বহিব পাৰিব পৰীক্ষাত

    আঁচনিখনৰ অধিনত প্ৰথম আৰু দ্বিতীয় পর্যায়ত ২,৫০০ টকাকৈ দিয়া হৈছিল৷ আঁচনিৰ অধিনত প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰা মুঠ ধনৰাশি হৈছে ৮০০০টকা৷ প্ৰথম পৰ্যায়ত ২,৫০০, দ্বিতীয় পর্যায়ত ২,৫০০আৰু তৃতীয় পৰ্যায়ত ৩০০০টকা প্ৰদান কৰা হৈছে৷ 

    Weather Forecast