• ৮০ বছৰীয়া প্ৰতিভা বৰুৱাই লিখি উলিয়ালে জীৱনৰ প্ৰথম উপন্যাস ‘জীৱন যুদ্ধৰ সেতু’

    আঞ্চলিক
    ৮০ বছৰীয়া প্ৰতিভা বৰুৱাই লিখি উলিয়ালে জীৱনৰ প্ৰথম উপন্যাস ‘জীৱন যুদ্ধৰ সেতু’

    ডিজিটেল ডেস্কঃ মনত যেতিয়া উদ্যম থাকে তেতিয়া জীৱন বাটত আগুৱাই যোৱাত বয়স কেতিয়াও বাধা হ'ব নোৱাৰে। তাৰেই জলন্ত প্ৰতিভা বৰুৱা। প্ৰতিভা বৰুৱা ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মাতৃ। তেওঁ যোৱা ৩০ নৱেম্বৰত ৮০ বছৰত ভৰি দিয়ে। অশীতিপৰ প্ৰতিভা বৰুৱাই লিখি উলিয়ায় জীৱনৰ প্ৰথমখন উপন্যাস। উপন্যাসখনৰ নাম 'জীৱন যুদ্ধৰ সেতু'। উপন্যাসখন বৃহস্পতিবাৰে খানাপাৰাস্থিত মুখ্য সচিবৰ চৰকাৰীৰ বাসগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভা সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।





    সাধাৰণ শ্ৰমিকৰ পৰা উচ্চ পদবী সেনা বিষয়ালৈকে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ জীৱন যাত্ৰা উপন্যাসখনত সুন্দৰকৈ তুলি ধৰিছে লেখিকাই। ৮০ বছৰীয়া লেখিকাগৰাকীয়ে ক’ৰনা মহামাৰীৰ বাবে জাৰি কৰা লকডাউনৰ সময়ছোৱাত নাতিনীয়ে যোগোৱা অনুপ্ৰেৰনাত উপন্যাসখন সৃষ্টি কৰে। ‘জীৱন যুদ্ধ হেতু’ বৰুৱাৰ প্রথমখন উপন্যাস।





    ইয়াৰ পূৰ্বে তেওঁ কেইবাখনো ভ্ৰমণ কাহিনীৰ গ্ৰন্থ লিখিছে। ২৫২ পৃষ্ঠাৰ উপন্যাসখন উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয়- ''মাতৃভাষাৰ কিতাপ লিখি সাহিত্যৰ ভঁৰাল চহকী কৰাত লেখিকাৰ অৱদান অতুলনীয়। ভ্ৰমণ কাহিনীত মনোনিবেশ কৰি বিভিন্ন ঠাইৰ ইতিহাস, সংস্কৃতি, সৌন্দৰ্য্যৰে তথ্য সমৃদ্ধ লেখা সৃষ্টি অসমীয়া সাহিত্যৰ বাবে ডাঙৰ কথা। নিজৰ মাতৃভাষা জনা ল’ৰা-ছোৱালীয়েহে অন্য ভাষা অতি সহজতে আয়ত্ত কৰিব পাৰে।''





    মাতৃৰ সম্পৰ্কত পুত্ৰ তথা ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কয় যে, ''১৯৯৬ চনত পিতৃৰ মৃত্যুৰ পাছত মাতৃয়ে লিখিবলৈ আৰম্ভ কৰে। লেখাৰ জৰিয়তে মাতৃয়ে বুকুৰ বেদনা পাতলাবলৈ বিচাৰিছিল। যোৱা ২৫ বছৰে তেওঁৰ মাতৃয়ে লিখি আছে।'' উল্লেখ্য যে উপন্যাসখনৰ উন্মোচনী অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত আছিল। গ্ৰন্থ উন্মোচনীৰ আৰম্ভণিতে দেশৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ লগতে অন্য মৃতকসকলৰ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰা হয়।





    আৰু পঢ়কঃ ‘ইমিউনিটী বুষ্টাৰ’ৰ নামত প্ৰতি লিটাৰত ১০ হাজাৰ টকাত বিক্ৰী গাধৰ গাখীৰ