• ৰবি শাস্ত্ৰীৰ প্ৰতিভা নাছিলঃ কপিল দেৱ

    আঞ্চলিক
    ৰবি শাস্ত্ৰীৰ প্ৰতিভা নাছিলঃ কপিল দেৱ

    নতুন দিল্লীঃ প্ৰতিভা নথকা সত্ত্বেও দেশক বছৰ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি গৈছে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। গ্ৰন্থ উন্মোচনীৰ এখন সভাত এই দাবী বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ। এই মন্তব্যৰ লগতে কপিল দেৱৰ বক্তব্যত এসময়ৰ সতীৰ্থ খেলুৱৈগৰাকীক প্ৰশংসা কৰাও পৰলক্ষিত হৈছে। কথা প্ৰসংগত তেওঁ কয়, ‘ৰবি শাস্ত্ৰীৰ কোনো প্ৰতিভা নাছিল।কিন্তু দেশৰ হৈ দীৰ্ঘদিন ধৰি বিশাল পৰ্যায়ৰ ক্ৰিকেট খেলিছে তেওঁ। তেওঁ নিশ্চয় প্ৰশংসাৰ যোগ্য।আমি সততে দুইপ্ৰকাৰৰ ক্ৰিকেট খেলুৱৈ দেখিবলৈ পাওঁ। একপ্ৰকাৰৰ ক্ৰিকটাৰৰ প্ৰতিভা থাকে অথচ নিজকে প্ৰস্ফুটিত কৰি তুলিব নোৱাৰে। আৰু একপ্ৰকাৰৰ ক্ৰিকেটাৰ আছে যাৰ প্ৰতিভা নথকা সত্ত্বেও দীৰ্ঘদিন ধৰি দেশৰ বাবে খেলি যায়।’






    শাস্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ কপিল দেৱে পুনৰ কয়, ‘তেওঁৰ মাজত ভাল কাম কৰাৰ জেদ আছিল। সেইটোৱে আছিল আমাৰ দলৰ সম্পদ। শাস্ত্ৰীয়ে যেতিয়া বেটিং কৰিছিল; তেতিয়া আমি কৈছিলো- তেওঁ যদি ৩০ অভাৰ বেট কৰি ১০ ৰানো কৰে; তেতিয়াও আমাৰ দলৰ কোনো ক্ষতি নহয়। ৩০অভাৰ বেট কৰিব পৰাটোৱে ডাঙৰ কথা। শাস্ত্ৰীয়ে দীৰ্ঘসময় খেলি; বল নৰম কৰি পেলাইছিল। আৰু আমি বেগী বলাৰসকলক খুব পিটিছিলো।’
    উল্লেখ্যে, ১৯৮৩চনত কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মুকুট পিন্ধাৰ সময়ত ৰবি শাস্ত্ৰী আছিল তৰুণ ক্ৰিকেটাৰ। বিশ্বকাপত অধিক খেল খেলাৰ সুযোগ পোৱা নাছিল শাস্ত্ৰীয়ে। দুবছৰৰ পাছত বিশ্ব চেম্পিয়নশ্বিপত দুৰ্দান্ত ক্ৰিকেট উপহাৰেৰ দেশক চেম্পিয়ন কৰিছিল শাস্ত্ৰীয়ে।