• ৰহাত ড৹ হিমন্ত বিশ্ব শৰ্মাঃ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ চলাইছে প্ৰচাৰ

    আঞ্চলিক
    ৰহাত ড৹ হিমন্ত বিশ্ব শৰ্মাঃ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ চলাইছে প্ৰচাৰ

    ৰহাঃ ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ৰহাত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা। ‘অগপ’ৰ প্ৰাৰ্থী বিষ্ণু দাসৰ ৰহাত হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী শৰ্মাই। ৰহা সমষ্টিক অসমৰ ভিতৰত জাকত-জিলিকা সমষ্টি ৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি শৰ্মাৰ। ভাষণৰ মাজতে আজমলক কটাক্ষ শৰ্মাৰ- ‘‘আজমলৰ মহাজোঁট চৰকাৰ হ’লে অসমত ‘সন্তান জন্ম দিয়া’ আঁচনিহে ৰূপায়ণ হ’ব।”





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ কামত সহযোগ নকৰে গৃহৰক্ষী জোৱানেঃ অসহযোগ আন্দোলনৰ হুংকাৰ






    আনহাতে কংগ্ৰেছকো পাম্প যোৱা ফুটবলৰ লগতে তুলনা কৰিছে মন্ত্ৰীগৰাকীয়ে। ইফালে ৰিপুন বৰা অসমত নহয় বাংলাদেশতহে মুখ্যমন্ত্ৰী হ’ব বুলিও কংগ্ৰেছ দলৰ নেতাগৰাকীক কটাক্ষ কৰে। ২০২২ চনত এক লাখ যুৱক-যুৱতীক সংস্থাপন দিয়া হ’ব বুলিও শৰ্মাই সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে।





    আৰু পঢ়িব পাৰিব : ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বাইছন বিমান দুৰ্ঘটনাগ্ৰস্ত: নিহত চালক





    প্ৰতিটো আত্মসহায়ক গোটক ১আৰু ২ লাখকৈ টকা অনুদান দিয়া হ’ব বুলিও ব্যক্ত কৰে। ‘স্বয়ম আঁচনি’ৰ দ্বাৰা প্ৰতিবছৰে ২ লাখ যুৱক-যুৱতীক, পাঁচ বছৰত ১০ লাখ যুৱক-যুৱতীক আত্ম সংস্থাপন দিব বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।