Education
India has also advanced from sixth place last year to the fourth most well-represented country in the 2024 rankings.
গুৱাহাটীঃ ৰাজপত্ৰিত বিষয়া ছাইবুৰ ৰহমানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পূৰ্বে ৬দিনৰ আৰক্ষী জিম্মাত আছিল বিষয়াজন। গুৱাহাটীৰ কেইবা ঠাইতো ভূমি-ঘৰ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। জ্যেষ্ঠ পত্নীৰ নামত আছে বেছিভাগ ভূমি। ভাতৃৰ নামটো আছে কিছু ভূমি। গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে বহু ভূমি বিক্ৰী কৰাৰ তথ্য লাভ কৰিছে অনুসন্ধানকাৰীৰ দলে।
আকাশ আলী নামৰ এজন ব্যক্তিৰ ঘৰত লাভ কৰিছে ভূমি বিক্ৰীৰ ১৪টা ফাইল। পত্নীয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱা নিৰ্বাচনত মাত্ৰ ১২ লাখ টকা খৰচ কৰা বুলিহে জানিবলৈ দিয়ে ছাইবুৰে। স্বীকাৰোক্তিৰ বিপৰীতে নিৰ্বাচনত ধন বিতৰণ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে! বুধবাৰে অভিযান চলাব হাতীগাঁওস্থিত এছবিআইৰ লকাৰত। প্ৰথম পত্নীৰ নামত আছে সেই লকাৰটো। অচিৰেই আদালতত সম্পত্তি বাজেয়াপ্ত কৰাৰ সন্দৰ্ভত আবেদন দাখিল কৰিব আৰক্ষীয়ে।
Leave A Comment