International
President Erdogan's mistakenly translated statement declarin
বকোঃ ৰাজস্থানৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ হৈছে অসমৰ চাৰিগৰাকী যুৱতী। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী, মহিমাৰী, টুক্ৰাপাৰা, আৰু বকোৰ সোণতলী গাঁৱৰ চাৰিগৰাকী যুৱতীক বিভিন্ন প্ৰলোভনেৰে ৰাজস্থানত নাৰী সৰবৰাহকাৰীৰ হাতত বিক্ৰী কৰিছিল অসমৰ এটা নাৰী সৰবৰাহকাৰী চক্ৰই। প্ৰায় দুই-তিনি মাহ পূৰ্বে অসমৰ এটা নাৰী সৰবৰাহকাৰী চক্ৰই ৰাজস্থানত বিক্ৰী কৰিছিল বৃহৎ ধনৰ বিনিময়ত।
আৰু পঢ়িব পাৰিব : কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাত বনকৰ্মী নিহত
পাছত ভুক্তভোগী যুৱতীসকলে সুযোগ বুজি মনে মনে পৰিয়ালৰ লগত ফোনযোগে যোগাযোগ কৰে। ভুক্তভোগী যুৱতীৰ পৰিয়ালে সমগ্ৰ ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষী চকীত এখনি এজেহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ছয়গাঁৱৰ গৰৈমাৰী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমেন্দ্ৰ সিংহৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাজস্থানৰ জুনজুনো জিলাৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অধীনস্থ বিলোৱা গাঁৱৰ পৰা উদ্ধাৰ কৰে অসম তিনিগৰাকী যুৱতীক।
আৰু পঢ়িব পাৰিব : যৌন নিৰ্যাতনৰ অভিযোগ : ন্যায়ালয়ত বিমুখ এম জে আকবৰ
ইফালে ৰাজস্থানৰ চোৰা জিলাৰ সৰ্দাৰপুৰ আৰক্ষী থানাৰ এলেকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আন এগৰাকী যুৱতীক। ইপিনে নাৰী সৰবৰাহকাৰীৰ সৈতে জড়িত চক্ৰটোক কৰায়ত্ত কৰিবলৈ জোৰদাৰ অনুসন্ধান অব্যাহত ৰাখিছে গৰৈমাৰী আৰক্ষীয়ে।
Leave A Comment