• ৰাজিন্দৰ সিং ৰাহেলুঃ পংগু শৰীৰক জয় কৰি দুবাহুৰে পৃথিৱী জিনা মানুহজন

    আঞ্চলিক
    ৰাজিন্দৰ সিং ৰাহেলুঃ পংগু শৰীৰক জয় কৰি দুবাহুৰে পৃথিৱী জিনা মানুহজন

    অভাৱে জুৰুলা কৰা এখনি ঘৰ। দিনৰ দিনটো গেবাৰি খাটি পতি-পত্নী দুয়ােৰে টানি-আঁজুৰি সংসাৰখন চলাই নিয়ে। আকাল-অভাৱ তেওঁলােকৰ সহচৰ। দিনটো কাম কৰিব লাগে আৰু তাৰে পৰা ঘটা দুপইচাৰে খুদকণ যােগাৰ কৰি যেন-তেন পেটৰ জ্বালা মাৰিব লাগে এয়াই তেওঁলোকৰ জীৱনৰ উদ্দেশ্য। বাকী পৃথিৱীৰ আও-ভাও একো তেওঁলােকে বুজি নাপায়। এন্ধাৰে গচকা ঘৰখনলৈ এদিন এটি ল’ৰা সন্তানৰ আগমন ঘটিল। সেইদিনা আছিল ১৯৭৩ চনৰ ২২ জুলাই। সন্তান লাভৰ সুখে তেওঁলােকৰ মুখ পােহৰাই তুলিলে। পােনাকণটোৰ মুখলৈ চাই তেওঁলােকে আৰু কষ্ট কৰাৰ সাহস পায়। ভাগৰে পৰিশ্রান্ত কৰিব নােৱাৰে দুই পতি-পত্নীৰ দেহা। কাৰণ তাক যে 'মানুহ' কৰি গঢ়ি তুলিব লাগিব।





    একলা-দুকলাকৈ ল'ৰাটো বাঢ়ি আহিল। তাৰ কলকলনিত, ফুলকোমল হাঁহিত ঘৰখন জীপাল হ’ল। তাৰ হাঁহিৰ ৰং মাক-দেউতাকৰ মুখতো ছিটিকি পৰিল। মাক-দেউতাকে নাম ৰাখিলে তাৰ ৰাজিন্দৰ। ৰজাৰ দৰে হ’ব সি। এই কথা ভাৰি দুয়ােৰে চকুৱে-মুখে পােহৰ বিয়পি পৰে। কিন্তু সময় ৰৈ আছিল তেওঁলােকৰ বুকুত প্রচণ্ড হাতুৰিৰ কোব সােধাবলৈ।৮ মাহ বয়সত ৰাজিন্দৰে চুঁচৰিবলৈ এৰি অ'ত-তত ধৰি ভৰি দুটা পােন কৰি থিয় হ'বলৈ শিকিছিলহে মাথােন। তেতিয়াই সি চিকাৰ হ’ল ভয়ংকৰ পলিঅ' ৰােগত। কণমানি দেহাটো পলিঅ'ই বৰ বেয়াকৈ পিষ্ট কৰি তাৰ ভৰি দুখন সম্পূর্ণ অকামিলা কৰি পেলালে। জীৱনৰ মাথো ৮ মাহ অতিক্ৰম কৰিব নৌপাওঁতেই কালৰ কুটিল হাতােৰাই বৰ বেয়াকৈ চেপিলে ৰাজিন্দৰক। মাক-দেউতাকৰ মূৰত সৰগ ভাগি পৰিল। যাক ৰজা হােৱাৰ সপােন দেখিছিল সি জীৱনৰ বাট বুলিবলৈকে অক্ষম হৈ পৰিল। কপালক ধিয়াই তেওঁলােকৰ দিনবােৰ বাগৰিছিল।





    ৰাজিন্দৰ আছিল কিন্তু অপৰিসীম মানসিক শক্তিৰ অধিকাৰী। বাধাগ্রস্ত শৰীৰ লাভ কৰিও কিন্তু সি সঁচাকৈয়ে বিচাৰিছিল ৰজাৰ দৰে জীয়াই থাকিবলৈ। পৃথিৱীৰ এজন শক্তিমন্তপুৰুষ হিচাপে নিজক পৰিচয় দিবলৈ তাৰ কলিজা সাহসী হৈ উঠিছিল। এফালে দৰিদ্ৰতাৰ সৈতে যুঁজ, আনফালে শাৰীৰিক অক্ষমতাৰ বিৰুদ্ধে নিজ জীৱনক আগুৱাই নিয়াৰ তীব্র প্রত্যাহ্বান হাঁহিমুখে গ্ৰহণ কৰিছিল ৰাজিন্দৰে। মানুহে পংগু বুলি তাক পুতৌৰ দৃষ্টিৰে চোৱাটো সি কেতিয়াও বাঞ্ছা কৰা নাছিল। বিচৰা নাছিল তাক দেখি মানুহৰ অন্তৰত জাগি উঠক অনুকম্পা কিম্বা সহানুভূতি। সি ভাবে তাৰ দুভৰিত বল নাই কিন্তু দুবাহুত আছে। যাৰে সি পৃথিৱী জয় কৰিব। মানুহে এদিন তাক লৈ গর্বিত হ’ব। ওঁঠত বিয়পিব সুখৰ হাঁহি। আনৰ প্ৰেৰণাৰ উৎস হ'ব সি।





    ১৯৯৬ চনত ৰাজিন্দৰে বন্ধুৰ দ্বাৰা উৎসাহিত হৈ ভাৰােত্তোলনত নিজ কেৰিয়াৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিলে। অনুশীলনৰ বাবে ৰাজিন্দৰে কেতিয়াবা ট্রাই চাইকেলৰ সহায়ত আৰু কেতিয়াবা মাটিত চুঁচুৰি দুহাতৰ সহায়ত নিজ লক্ষ্য স্থানলৈ গমন কৰে। কিমান সমস্যা, কিমান কষ্টৰ সন্মুখীন হ’ল তাৰ লেখ-জোখ নাই। নিজৰ জীৱনক জিনাৰ লক্ষ্য ৰাজিন্দৰে স্থিৰ কৰি লৈছিল। সেয়েহে স্থিতপ্রজ্ঞ এই যুৱকজনে হাৰ নামানি কেৱল একাগ্রচিত্তে কৰি গ'ল নিজ কর্মসাধনা। অৱশেষত সময়ে ৰাজিন্দৰৰ সাফল্যৰ দুৱাৰখন খুলি দিবলৈ বাধ্য হৈ পৰিল। ১৯৯৭ চনত ‘পঞ্জাব অপেন মীট শীর্ষক ভাৰােত্তোলন ক্রীড়াত তেওঁ পদক জিনিবলৈ সক্ষম হয়। ১৯৯৮ চনত হায়দৰাবাদত অনুষ্ঠিত ‘নেশ্যনেল পাৱাৰলিফটিং চেম্পিয়নিশ্বপত ৰাজিৰ বিজেতা হিচাপে ঘােষিত হয়। ২০০৪ চনত এথেন্সত অনুষ্ঠিত ‘পেৰা অলিম্পিক গেমছ’ত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। এই পদকেৰে পেৰা অলিম্পিক ক্রীড়া সাফল্য অর্জন কৰি ভাৰতলৈ তেৱেঁই পােনপ্ৰথমবাৰৰ বাবে গৌৰৱ কঢ়িয়াই আনে।





    ২০০৮ আৰু ২০১২ চনতাে পেৰা অলিম্পিক ক্রীড়াত ভাৰােত্তোলনত ৰাজিন্দৰে ভাৰতক প্রতিনিধিত্ব কৰে। ২০১৪ চনৰ কমনৱেলথ গেমছত ১৮৫ কেজি শাখাত আকর্ষণীয় প্রদর্শনেৰে তেওঁ ৰূপৰ পদক নিজ হাতলৈ আনে আৰু সেইদিনাই পঞ্জাবৰ জলন্ধৰ জিলাৰ মেহছামপুৰ নামৰ এখন অনগ্রসৰ গাঁৱত জন্মগ্ৰহণ কৰা দৰিদ্ৰ দলিত সম্প্ৰদায়ৰ ৰাজিন্দৰ সিং ৰাহেলুৰ ওপৰত সমগ্র বিশ্বৰ দৃষ্টি নিবদ্ধ হয়। ২০০৬ চনত ভাৰত চৰকাৰে ক্ৰীড়াক্ষেত্ৰৰ সর্বোচ্চ সন্মান অর্জুন বঁটাৰ সন্মানেৰে সন্মানিত কৰে ৰাজিন্দৰ সিং ৰাহেলুক। পঞ্জাব চৰকাৰে তেওঁক 'পঞ্জাব স্পটছ ডিপার্টমেন্ট'ত ভাৰােত্তোলনৰ প্রশিক্ষক হিচাপে নিযুক্ত কৰিছে। খুব দায়িত্বসহকাৰে পালন কৰি গৈছে তেওঁৰ এই দায়িত্ব। এগৰাকী মৰমলগা কন্যা সন্তান আৰু সুন্দৰী পত্নীৰে আছে ৰাজিন্দৰ সিং ৰাহেলুৰ এখন সুখৰ সংসাৰ। সাংসাৰিক দায়িত্বও তেওঁ পালন কৰি গৈছে নিষ্ঠাসহকাৰে। ৰজাৰ দৰে পৃথিৱী জয় কৰিবলৈ বিচৰা যুৱকজনে সমাজলৈ এৰি দিছে প্ৰেৰণাৰ বার্তা ''চোৱা মােলৈ,এই পৃথিৱীত অসম্ভৱ একোৱে নাই। কৰিব নােৱৰা কোনাে কাম নাই। মােৰ দুভৰিৰে আজিলৈকে মই এক খােজো দিব পৰা নাই। তথাপি মই দপদপাইছো। বিশ্ব জয় কৰিছোঁ মনৰ দুৰ্বাৰ অপ্রতিৰোধ্য শক্তিৰে।''





    -কস্তুৰী বৰঠাকুৰ