• ৰাজ্যজুৰি উত্তেজনাঃ ফলাফলক লৈ ৰাজ্যজুৰি প্ৰতিবাদ একাংশ শিক্ষাৰ্থীৰ

    আঞ্চলিক
    ৰাজ্যজুৰি উত্তেজনাঃ ফলাফলক লৈ ৰাজ্যজুৰি প্ৰতিবাদ একাংশ শিক্ষাৰ্থীৰ

    গুৱাহাটীঃ অৱশেষত ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিলে ব’ৰ্ডে। ফলফল ঘোষণাৰ পাছত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যজুৰি কৰিছে প্ৰতিবাদ। ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ সন্মুখতো উত্তেজনাই বিৰাজ কৰা দেখা গৈছে। পৰীক্ষা সংক্ৰান্তীয় অসন্তুষ্টিক লৈ সমাগম একাংশ শিক্ষাৰ্থীৰ। বেটাৰমেণ্ট দিয়াসকলো প্ৰাপ্ত নম্বৰক লৈ অসন্তুষ্ট হোৱা দেখা গৈছে। লামডিঙত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী সমদল কৰে। লামডিং ৰে’লৱে বিদ্যালয়ৰ পৰা লামডিং বজাৰলৈকে সমদল উলিওৱা হৈছে





    ফলাফল লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে। বকোৰ বামুণীগাঁৱতো শিক্ষাৰ নামত ভয়ংকৰ জালিয়তিৰ অভিযোগ উত্থাপন হৈছে৷ সদ্যঘোষিত ফলাফলত সংঘটিত হৈছে বৃহৎ জালিয়তি! বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়তো উত্তেজনাই বিৰাজ কৰিছে। ফলাফলক লৈ অসন্তুষ্ট একাংশ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লে’কাৰ্ড, ফেষ্টুন লৈ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰা দেখা গৈছে।





    লংকা চহৰৰ মাজ-মজিয়াৰ বাঙালী মাধ্যমৰ ‘পাব্লিক হায়াৰ ছেকোণ্ডাৰী স্কুল’তো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ। ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ অধ্যক্ষৰ কাৰ্যালয় ঘেৰাও কৰে। বিদ্যালয়খনৰ অধ্যক্ষ বিমল পণ্ডিতৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জবাবদিহি কৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ জাগীৰোডতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰা দেখা গৈছে। প্ৰতিবাদত উত্তাল হৈ পৰিছে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ।