• ৰাজ্যজুৰি পালন ফল্গু উৎসৱ : ফাঁচীবজাৰত মুখ্যমন্ত্ৰীৰ হোলী উদযাপন

    আঞ্চলিক
    ৰাজ্যজুৰি পালন ফল্গু উৎসৱ : ফাঁচীবজাৰত মুখ্যমন্ত্ৰীৰ হোলী উদযাপন

    গুৱাহাটী : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ফাকুৱাৰ উছাহ৷ ৰঙৰ মেলাৰে ৰঙীন ৰাজ্য৷ বৰপেটাৰ দৌল উৎসৱত অজস্ৰজনৰ সমাগম৷ মহানগৰীৰ ফাঁচীবজাৰত ৰং-আনন্দৰ লহৰ৷ ৰঙৰ উৎসৱত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ধমধমাৰ মহিনা শান্তিপুৰত ৮২সংখ্যক দৌল মহোৎসৱ পালন কৰা হয়৷ বসন্ত পুখুৰীপাৰত ৫ দিনীয়াকৈ আয়োজন কৰা হৈছে দৌল মহোৎসৱ৷ মূল হোমযজ্ঞত সেৱা ল’লে অগণন ভক্তই৷ অংশ ল’লে নৱ কুমাৰ শৰণীয়া, কাতিৰাম বড়োৱে৷ মাজুলীতো সত্ৰীয়া পৰম্পৰাৰে ফল্গু উৎসৱ পালন কৰা হৈছে৷





    আৰু পঢ়িব পাৰিব : জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু: নলাত উদ্ধাৰ মৃতদেহ





    দৌল ঘৰৰ বাকৰি ফাকুৱাৰ গীতেৰে মুখৰিত হৈ উঠিছে৷ ৪শ বছৰীয়া পৰম্পৰাৰে আজি পালন কৰা হয় দৌল উৎসৱ৷ দৌলত অগণন ভক্তিপ্ৰাণ ৰাইজে অংশ লোৱা দেখা গৈছে৷ দৰঙৰ জলজলীৰ ঝাৰগাঁৱৰ ভূহুৰাঝাৰস্থিত ‘শ্ৰীমন্ত শংকৰদেৱ নামঘৰ’ৰ বাকৰিতো দুদিনীয়াকৈ ভাগৱত পাঠৰ লগতে ফাকুৱা উৎসৱ উদ্‌যাপন কৰা হৈছে। অঞ্চলটোৰ ৰাইজৰ সহযোগত শান্তি প্ৰতিষ্ঠাৰ বাবে গাঁওবাসীয়ে উদ্‌যাপন কৰিছে এই উৎসৱ।





    আৰু পঢ়িব পাৰিব : পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ,স্মৃতি ইৰাণী





    সমগ্ৰ দেশৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰতো ৰং আৰু আনন্দৰ উৎসৱ দৌল যাত্ৰা আৰু ফাকুৱাৰ আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে যুৱক-যুৱতী, শিশু আৰু মহিলাসকল। আনহাতে কলিয়াবৰতো বিভিন্ন স্থানত পালন কৰা হৈছে ফল্গু উৎসৱ। সেই উপলক্ষে কলিয়াবৰ জিলা সত্ৰ মহসভা আৰু সমন্বিত যুৱতীৰ্থ, কলিয়াবৰৰ যুটীয়া উদ্যোসগত দেওবাৰে শ্ৰীশ্ৰী মাধৱআতা সত্ৰৰ নামঘৰত দিনযোৰা কাৰ্যসূৰচীৰ আয়োজন কৰা হয়।