• ৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ : পুনৰ ৭০৮ আক্ৰান্ত

    আঞ্চলিক
    ৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ : পুনৰ  ৭০৮ আক্ৰান্ত

    গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হয় ৭০৮ জন লোক৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত ১,০০,০৭৯জনৰ ক'ভিড টেষ্ট কৰা হয়৷ তাৰ ভিতৰত গুৱাহাটী মহানগৰীত আক্ৰান্ত বুলি চিনাক্ত হয় ১৬৪ জন লোক৷ কালিৰ দিনটোত ৰাজ্যত মৃত্যু হয় ১৩ জন লোকৰ৷





    আনহাতে কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৭১ শতাংশ৷ কালিৰ দিনটোত লখিমপুৰত আক্ৰান্ত হয় ৪২জন, গোলাঘাট আৰু নলবাৰীত আক্ৰান্ত হয় ৩৯জন৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ৬,৯১০জন৷ আনহাতে আৰোগ্য লাভ কৰিছে ৭৩৪জন লোকে৷