ৰাষ্ট্ৰীয়
গুৱাহাটীঃ শনিবাৰৰ নিশা যোৰাবাট আৰক্ষীচকীত পশু পালন বিভাগে জব্দ কৰে এখন গাহৰিভৰ্তি ট্ৰাক (UP 19T 5372)। উত্তৰ প্ৰদেশৰ পৰা শ্ৰীৰামপুৰ তালাচী চকী অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল এখন ট্ৰাকে। অসমৰ পশু পালন বিভাগৰ ভুৱা স্বীকৃতি লৈ অবৈধভাৱে যোৰাবাট আহি পাইছিল এখন ট্ৰাক। এতিয়া প্ৰশ্ন হয় বহিঃৰাজ্যৰ পৰা অহা সকলো ব্যক্তিক চৰকাৰে জাৰি কৰা SOP অনুযায়ী কৰি থকা হৈছে ক’ভিডৰ পৰীক্ষা, কিন্তু ছিণ্ডিকেট চক্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় নেকি চৰকাৰে জাৰি কৰা SOP?
আৰু পঢ়িব পাৰিব : কৰ’নাৰ বিভীষিকাঃ ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ৪,১৪,৫৫৪ জনলৈ বৃদ্ধি
কিয়নো ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক কৰ’না পৰীক্ষা নকৰাকৈ প্ৰৱেশৰ অনুমতি কেনেকৈ প্ৰদান কৰা হ’ল, তাকে লৈ প্ৰশ্ন উৎত্থাপন হৈছে। লগতে ট্ৰাকখনত কঢ়িয়াই অনা গাহৰিসমূহকো স্বাস্থ্যপৰীক্ষা নকৰাকৈ প্ৰৱেশ কৰিব দিয়া হৈছে ৰাজ্যত। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ গাহৰি ব্যৱসায়ী মুকেশ কাঠাৰিয়াই কোনোবা শক্তিশালী চক্ৰৰ নেতৃত্বত ৰাজ্যত নিৰ্বিঘ্নে অব্যাহত ৰাখিছে গাহৰিৰ অবাধ বেহা। পুৱতিনিশা গাহৰি মাফিয়াই মুকেছে নৈশ-সান্ধ্যআইনৰ মাজতো যোৰাবাটত উপস্থিত হৈ ধমক দি গাহৰিভৰ্তি ট্ৰাকখন ১৫ মাইলৰ গাহৰি ফাৰ্মলৈ লৈ যায়।
আৰু পঢ়িব পাৰিব : বিধ্বংসী অগ্নিকাণ্ড :নিঃশেষ হৈ গ’ল এখন স্থায়ী বজাৰ!
আৰু যোৰাবাট আৰক্ষীয়ে নিমাতি কইনাৰ দৰে সকলো দেখিও নেদেখা ভাও জুৰি থাকে। ছিণ্ডিকেট চক্ৰৰ লগত জড়িতসকলৰ বাবে প্ৰযোজ্য নহয় নেকি সান্ধ্যআইন? নে সকলো নীতি-নিয়ম প্ৰযোজ্য কৰা হয় কেৱল সাধাৰণ জনতাৰ বাবেহে? কাৰ আশীৰ্বাদত মতলীয়া হৈ কৰ্মৰত পশুপালন বিভাগৰ বিষয়াক ধমকি দি গাহৰিভৰ্তি ট্ৰাকখন লৈ গ’ল আৰু পশুপালন বিভাগৰ বিষয়া আৰু যোৰাবাট আৰক্ষী কিয় নিমাত হৈ থাকিল, এয়াহে এতিয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে!
Leave A Comment