• ৰাজ্যত অব্যাহত পেট্ৰ’লৰ চোৰাং বেহা

    আঞ্চলিক
    ৰাজ্যত অব্যাহত পেট্ৰ’লৰ চোৰাং বেহা

    কামৰূপ : ৰাজ্যত অব্যাহত আছে পেট্ৰ’লৰ চোৰাং বেহা৷ তাৰে মাজতে বৃহস্পতিবাৰৰ নিশা বকোৰ মালিবাৰত জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং পেট্ৰ’ল ৷ AS18AC0992 নম্বৰৰ মালবাহী টেম্পো এখনৰে চোৰাং পেট্ৰ’লখিনি মালিবাৰীত বিক্ৰীৰ বাবে আনিছিল৷ মালিবাৰী সংখ্যালঘু ছাত্ৰ সন্থাই গোপন সূত্ৰৰ পমখেদি চোৰাং পেট্ৰ’লভৰ্তি টেম্পোখন জব্দ কৰে৷





    আৰু পঢ়িব পাৰিব :এইবাৰ অসমত বিহু হ’বইঃ হিমন্তৰ ঘোষণা





    গোৱালপাৰাৰ শিমলীতোলাৰ পৰা আহিছিল চোৰাং পেট্ৰ’লখিনি৷ পাছত জব্দকৃত টেম্পোসহ পেট্ৰ’লখিনি ইয়াৰে মন্দিৰা আৰক্ষীচকীক গটাই দিয়ে৷ মনকৰিবলগীয়া যে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন স্থানত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে চোৰাং পেট্ৰ’লৰ লগতে চোৰাং সামগ্ৰীৰ চোৰাং বেহা৷





    আৰু পঢ়িব পাৰিব :কপিলীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি





    ৰাইজে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে৷ জব্দকৃত চোৰাং পেট্ৰ’লখিনিৰ আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে৷