• ৰাজ্যত অব্যাহত বাল্যবিবাহ! নাবালিকাক বিয়াত বহাই ৰঙাঘৰৰ আলহী যুৱক

    আঞ্চলিক
    ৰাজ্যত অব্যাহত বাল্যবিবাহ! নাবালিকাক বিয়াত বহাই ৰঙাঘৰৰ আলহী যুৱক

    ডিজিটেল ডেস্ক: মাটিৰ দালাল, চাকৰিৰ দালালৰ বাতৰিয়ে সঘনাই সংবাদ শিৰোনাম দখল কৰে৷ আপুনি শুনিলে আচৰিত হ’ব যে, এইখন অসমতেই আছে বাল্য বিবাহৰ দালালচক্ৰ৷ মোটা ধনৰ বিনিময়ত কিশোৰীক বিয়াত বহাবলৈ বাধ্য কৰায় এই চক্ৰটোৱে৷ তেনে এক ঘটনাৰ সাক্ষী হৈ ৰৈছে সমগ্ৰ বৰপেটা জিলা৷ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী নাবালিকাক বিয়া কৰাই ৰঙা ঘৰৰ আলহী হ’ল কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুণতাৰীৰ বাবৰ আলীৰ পুত্ৰ আবেদ আলী। জানিব পৰা মতে, নিশা আবেদ আলীয়ে বিয়া কৰাই নাবালিকাগৰাকীক লৈ ঘৰলৈ আহি থকাৰ পথত গোপন খবৰৰ ভিত্তিত জনীয়াৰ ছুহিল ৰাণা চ’কত বৰপেটা চাইল্ড লাইনৰ কৰ্মী সকলে দৰা-কইনাৰ লগতে কেইবাগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়।





    চাইল্ড লাইনৰ কৰ্মীসকলে দৰা কইনাৰ লগতে লোককেইজনক বৰপেটা আৰক্ষীক চমজাই দিয়ে। ৰাইজৰ অভিযোগ মতে, এই নাবালিকাগৰাকীক বিবাহ পতাই দিছিল এটি দালাল চক্ৰই৷ জিলাখনত সক্ৰিয় অৱস্থাত আছে বাল্য বিবাহৰ দালাল চক্ৰ। দালাল চক্ৰবোৰে মোটা ধনৰ বিনিময়ত এনেধৰণৰ কাৰ্যত জড়িত হ’বলৈ বাধ্য কৰায় দুখীয়া পৰিয়ালক। সচেতন ৰাইজ আৰু প্ৰসাশনে যদি এই দালাল চক্ৰবোৰ উৎখাত কৰে তেনেহ’লে ৰাজ্যত বাল্যবিবাহৰ প্ৰচলন হ্ৰাস পাব। সমাজৰ ব্যাধি স্বৰূপ বাল্যবিবাহৰ বিৰুদ্ধে চাইল্ডলাইনৰ লগতে সৰ্বস্তৰৰ ৰাইজ সজাগ হ’বলৈ বাল্য শিশু অধিকাৰ কৰ্মী ৰফিকুল ইছলামে আহ্বান জনায়।





    যি সময়ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে কেবিনেটত ছোৱালীৰ বিবাহৰ বয়স ১৮ৰ পৰিৱৰ্তে ২১ কৰিবলৈ প্ৰয়াস কৰিছে৷ যি সময়ত বাল্যবিবাহ এক অপৰাধ বুলি গণ্য কৰিছে৷ আনকি ইয়াৰ ওপৰত আইনো প্ৰৱৰ্তন কৰিছে সেই সময়ত এনেবোৰ দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!