International
Bangladesh Petroleum Corporation will import 130,000 metric tonnes of diesel from India's Numaligarh Refinery Limited (NRL)...
Digital Desk: Despite border tensions, Bangladesh will continue to import diesel from Indi
গুৱাহাটী: ৰাজ্যজুৰি কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে৷ প্ৰতিদিনে কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে বহুজন৷ কিন্তু তাৰ মাজতে অসমত ক’ভিড পৰিস্থিতি আগতকৈ সুস্থ হোৱা পৰিলক্ষিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ৫৫৪ জন লোক৷
কালিৰ দিনটোত ৮৪,২৪৬ জনৰ দেহত ক'ভিড টেষ্ট কৰা হৈছিল৷ তাৰ ভিতৰত কামৰূপ মহানগৰত ১৫৭ জনৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি৷ তাৰ বিপৰীতে গোলাঘাটত ৬০ জন, যোৰহাটত ৪০ আৰু লখিমপুৰত ২৪ জন লোক আক্ৰান্ত হয় কৰ'না ভাইৰাছত৷
বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৬জন৷ বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৫,৪২৪জন লোক, তাৰ বিপৰীতে আৰোগ্যলাভ কৰিছে ৫৬৭ জনে।
Leave A Comment