• ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ১,৫৯৫জন

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ বিগত ২৪ ঘণ্টাত ১,৫৯৫ গৰাকী লোক আক্ৰান্ত হয় কৰ'নাত৷ কালিৰ দিনটোত বৃদ্ধি ক'ভিডত মৃত্যুৰ সংখ্যা৷ কালি ২৩ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়৷

    কামৰূপ মহানগৰত আক্ৰান্ত হয় ১৭৯ জন, গোলাঘাটত ১৬৪জন, লখিমপুৰত ১১৯ জন আক্ৰান্ত হয়৷ ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ৮৪ গৰাকী লোক৷

    শনিবাৰৰ দিনটোত ১,১৮,৮৮৯জনে ক'ভিড টেষ্ট কৰে৷ আক্ৰান্তৰ হাৰ আছিল ১.৩৪ শতাংশ৷ আনহাতে ১৭৮৮জনে আৰোগ্য লাভ কৰে৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ১৪,৩৭৯জন লোক৷

    Weather Forecast