আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : আজি ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ৷ ৰাতিপুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণৰ প্ৰক্ৰিয়া৷ অসমৰ ১৩ জিলাৰ ৩৯টা সমষ্টিত আজি হ'ব ভোটগ্ৰহণ৷ মুঠ ১০,৫৯২টা কেন্দ্ৰত চলিছে ভোটগ্ৰহণ৷ ৭৩,৪৪,৬৩১ জন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ৷ ইভিএমত বন্দী হ’ব ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য৷
আৰু পঢ়িব পাৰিব : ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰেপৰা বৰ্তমানলৈ জব্দ ২৪.৫০ কোটি নগদ ধন
দ্বিতীয় পৰ্যায়ত ১৭৬ জন নিৰ্দলীয় প্ৰাৰ্থী৷ আলগাপুৰ সমষ্টিত সৰ্বাধিক ১৯ জন প্ৰাৰ্থী আছে৷ ওদালগুৰি সমষ্টিত সৰ্বনিম্ন দুজন প্ৰাৰ্থী আছে৷ আজি ভাগ্য নিৰ্ণয় হ’ব ৫ জন মন্ত্ৰীৰ ভাগ্য৷
আৰু পঢ়িব পাৰিব : অবৈধ সম্পৰ্ক থকাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধেঃ পুৱতিনিশা মহিলাৰ গৃহত প্ৰৱেশ!
আনহাতে ভোটগ্ৰহণ সূচাৰূ ৰুপে সম্পন্ন হ'বলৈ ১২জনকৈ শীৰ্ষ আৰক্ষীৰ নিৰীক্ষণত থাকিব ভোটকেন্দ্ৰসমূহ৷ ৫০শতাংশ ভোটকেন্দ্ৰত থাকিব চিচিটিভিৰ ব্যৱস্থা৷ চিচিটিভিসমূহ নিৰীক্ষণ কৰিব নিৰ্বাচন আয়োগে৷ প্ৰতিটো ভোটকেন্দ্ৰত থাকিব এজনকৈ কনিষ্টবল-গৃহৰক্ষী৷ ইয়াৰোপৰি থাকিব বিশেষ পেট্ৰ’লিঙৰ ব্যৱস্থা৷
Leave A Comment