• ৰাজ্যত পুনৰ এনকাউণ্টাৰ, আহত দুৰ্ধৰ্ষ অপৰাধী

    আঞ্চলিক
    ৰাজ্যত পুনৰ এনকাউণ্টাৰ, আহত দুৰ্ধৰ্ষ অপৰাধী


    ওদালগুৰিঃ ৰাজ্যৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অব্যাহত আছে এনকাউণ্টাৰৰ ঘটনা! ৰাজ্যৰ ভিন্নস্থানৰ পাছত এইবাৰ ওদালগুৰিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা।





    ঘটনাটোত গুলীবিদ্ধ হৈছে দাওহাৰু বড়ো নামৰ এজন অপৰাধী। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি, বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত দাওহাৰু বড়ো। বড়োৰ ঘৰ ওদালগুৰি জিলাৰ টংলাৰ বাটাকুচিত। উগ্ৰপন্থীৰ পৰিচয়ৰে বহু লোকক ধনদাবী কৰি আহিছিল দাওহাৰুৱে। হত্যাৰ ভাবুকিও বহুজনকে প্ৰদান কৰিছিল তেওঁ।





    ভুক্তভোগী লোকৰ অভিযোগৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে কাৰ্বি আংলঙৰ পৰা আটক কৰিছিল অপৰাধীজনক। আৰক্ষীৰ চকুত ধূলি অপৰাধীজনে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে মুঠ ১২জাই গুলী নিক্ষেপ কৰে। ফলত ভৰিত গুলী লাগি বাগৰি পৰে পলাবলৈ চেষ্টা কৰা দাওহাৰু বড়ো। ঘটনাটো সংঘটিত হয় টংলাৰ খ্ৰীষ্টানপাৰাত। পাছত আৰক্ষীয়ে আটক কৰি চিকিৎসাৰ বাবে নিশাই তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ ভাষ্য অনুসৰি জিলাখনৰ বিভিন্ন থানাত মুঠ ৮টা গোচৰ আছে দাওহাৰুৰ বিৰুদ্ধে।