• ৰাজ্যত পুনৰ ক'লা হীৰাৰ ছিণ্ডিকেট: ৰহস্যজনক স্থিতি পৰিবহণ বিভাগৰ

    আঞ্চলিক
    ৰাজ্যত পুনৰ ক'লা হীৰাৰ ছিণ্ডিকেট: ৰহস্যজনক স্থিতি পৰিবহণ বিভাগৰ

    ধুবুৰী : ৰাজ্যত পুনৰ ক’লা হীৰাৰ ভয়ংকৰ ছিণ্ডিকেট। নিৰ্বাচনৰ সুযোগ গ্ৰহণ কৰি কয়লা মাফিয়াই অব্যাহত ৰাখিছে ক'লা হীৰাৰ অবাধ ছিণ্ডিকেটৰাজ। এইবাৰৰ স্থান ধুবুৰী জিলাৰ চাপৰ, বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ। বৃহস্পতিবাৰে নিশা ধুবুৰী প্ৰশাসনে চাপৰ আৰু বিলাসীপাৰাৰ সোণামুখীত জব্দ কৰিছিল ৯খনকৈ কয়লা ভৰ্তি ট্ৰাক। প্ৰমাণ-পত্ৰৰ যথেষ্ঠ বিসংগতি থকাৰ বাবে ধুবুৰী প্ৰশাসনে জব্দ কৰিছিল ট্ৰাকবোৰ।





    আৰু পঢ়িব পাৰিব :পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰে কন্যা সন্তানসহ তিনিজনকৈ লোকৰ সংকটজনক অৱস্থা





    আৰক্ষী প্ৰশাসনৰ একপ্ৰকাৰৰ নিৰ্বিকাৰ ভূমিকাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সময়তে যোগীঘোপাৰ পৰা চুবুৰীয়া ৰাজ্য পশ্চিম বংগ অভিমুখী ৯ খনকৈ ট্ৰাক জব্দ কৰাৰ পাছতে কয়লা মাফিয়াৰ মাজত লাগিছে হাহাকাৰ। সৃষ্টি হৈছে চোৰাং কয়লা বেপাৰক লৈ গভীৰ ৰহস্যও। কাৰণ জব্দ কৰা ট্ৰাকৰ মাজৰ পৰা হঠাতে উদ্ধাৰ হৈছে ২খনকৈ কয়লাভৰ্তি ট্ৰাক।





    আৰু পঢ়িব পাৰিব :শতকবঞ্চিত সুন্দৰ, শলঠেকত ইংলেণ্ড !





    আনহাতে আৰক্ষী প্ৰশাসন নামৰ এটা বিয়াগোম বিভাগ থকাৰ পাছতো কি কাৰণত আৰক্ষীৰ সন্মুখতে এইসকল কয়লা বেপাৰীয়ে দিনে-নিশাই মুকলিকৈ লাখ লাখ টকাৰ কৰফাঁকি মাৰি বেপাৰ চলাব পৰিছে, ইয়াক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্দেহ আৰু ভিন্ন প্ৰশ্নৰ৷ এইক্ষেত্ৰত কয়লাৰ চোৰাং ব্যৱসায় আৰু কৰফাঁকিক লৈ পৰিবহণ বিভাগ আৰু কৰ বিভাগেও এক প্ৰকাৰৰ ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে।