• ৰাজ্যত সুৰক্ষিত নহয় যুৱতী: আন এক ধৰ্ষণকাণ্ডই জোকাৰিছে অসম

    আঞ্চলিক
    ৰাজ্যত সুৰক্ষিত নহয় যুৱতী: আন এক ধৰ্ষণকাণ্ডই জোকাৰিছে অসম

    লখিমপুৰ : ৰাজ্যত সুৰক্ষিত নহয় মহিলা তথা যুৱতীসকল৷ ৰাজ্যত সংঘটিত দুটাকৈ ধৰ্ষণকাণ্ডৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ পোহৰলৈ আহিছে আন এক অমানৱীয় কাৰ্য৷ এইবাৰ নাৰায়ণপুৰৰ ভিতৰদলনি মুচি গাঁৱত এগৰাকী ১৯বছৰীয়া যুৱতীক ধৰ্ষণ কৰিলে গাঁওখনৰে ভাৰত ৰবিদাস নামৰ যুৱক এজনে৷





    আৰু পঢ়িব পাৰিব : অৱশেষত কালান্তক কৰ’নাৰ পৰা হাত সাৰিবলৈ চৰকাৰে ঘোষণা কৰিলে দুসপ্তাহৰ লকডাউন





    সোমবাৰে নিশা সংঘটিত হোৱা কাণ্ডটো আজি পোহৰলৈ আহিছে৷ ধৰ্ষিতা যুৱতীগৰাকীৰ পেহীয়েকৰ গৃহত বিবাহ অনুষ্ঠান আছিল৷ আৰু নিশা বলপূৰ্বক যুৱকজনে মুখত সোপা দি এই অমানৱীয় কাৰ্য সংঘটিত কৰে৷





    আৰু পঢ়িব পাৰিব :  হত্যাকাণ্ডৰ ৪০দিনৰ পাছতো ন্যায় নাপালে প্ৰাঞ্জলৰ পিতৃ-মাতৃয়ে!





    ইপিনে হাতত এখন কটাৰী লৈ ভয় দেখুৱাই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰে লম্পটজনে৷ সেই নিশা কইনাৰ লগত যোৱা যুৱতীগৰাকী শুকুৰবাৰে ঘৰলৈ উভতি অহাত পাছত ঘৰত সমস্ত কথা অৱগত কৰে৷ যাৰ বাবে পিতৃ-মাতৃয়ে আৰক্ষীৰ কাষ চাপে৷ ইতিমধ্যে ধলপুৰ আৰক্ষীয়ে আটক কৰিছে ধৰ্ষণকাৰী ৰবি দাসক৷