comScore
  • ৰাজ্যত হ্ৰাস কৰ’নাক্ৰান্তৰ সংখ্যাঃ নতুন এছঅ’পি প্ৰকাশ

    আঞ্চলিক
    ৰাজ্যত হ্ৰাস কৰ’নাক্ৰান্তৰ সংখ্যাঃ নতুন এছঅ’পি প্ৰকাশ

    গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নতুন এছঅ’পি সন্দৰ্ভত ‘জনতা ভৱন’ত সংবাদমেল সম্বোধন কৰে। ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা! নতুন এছঅ’পিৰ নীতি-নিয়মসমূহ বুধবাৰৰ পুৱা ৫বজাৰ পৰা কাৰ্যকৰী হ’ব। ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল কৰা হৈছে নৈশ-সান্ধ্যআইন। সকলো জিলাতে সন্ধিয়া ৭ বজাৰ পৰা পাছৰদিনা পুৱা ৫ বজালৈ সান্ধ্যআইন বলবৎ হৈ থাকিব। সন্ধিয়া ৬ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰূম, গেলামালৰ দোকান, ফলমূলৰ বিপণী, পাচলিৰ দোকান।





    আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। কামৰূপ(মহানগৰ) জিলাক বাদ দি অন্য জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান কৰা হৈছে। ৰাজহুৱা পৰিবহণ/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা। কামৰূপ(মহানগৰ)জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ)লৈ আহ-যাহত নিষেধাজ্ঞা বাহাল থাকিব। দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম বাতিল কৰা হৈছে। মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০গৰাকী ব্যক্তিয়ে।





    প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহৰ দৰে আবদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসনৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। অৱশ্যে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫গৰাকী লোকে। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫গৰাকী লোকে। কামাখ্যা মন্দিৰত প্ৰতিঘণ্টাত সৰ্বাধিক ২০গৰাকী লোকৰ দৰ্শনত অনুমতি প্ৰদান কৰা হৈছে, কেৱল দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ। অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি প্ৰদান কৰা হৈছে।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam