Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটী: আজি ‘জনতা ভৱন’ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। সংবাদমেলৰ জৰিয়তে হাজৰিকাই নিবনুৱাসকললৈ আনিছে আশাৰ বতৰা! অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে আৰক্ষী কমিছন গঠন হ'ব বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰাক্তন বিষয়া হিমাংশু শেখৰ দাস আৰু পি ভি সুমনৰ নেতৃত্বত গঠন কৰা হ'ব এই কমিছন। তিনিমাহৰ বাবে দুয়োজনকে ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ৰ মৰ্যাদা প্ৰদান কৰিছে চৰকাৰে। আগন্তুক বৰ্ষৰ ভিতৰত ১লাখ পদত নিযুক্তি প্ৰদান কৰা হ’ব বুলিও সংবাদমেলতে দোহাৰে। আনহাতে, ১৫ হাজাৰ আৰক্ষীৰ খালী পদত শীৰ্ঘেই নিযুক্তি প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে হাজৰিকাই। চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া।
প্ৰথমে আৰক্ষী বিভাগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও সদৰী কৰে। ৫টা আৰক্ষী বেটেলিয়ন গঠনত কেবিনেটে অনুমোদন জনাইছে বুলিও জনায়। নিযুক্তি পাব ২,৬৩২ নিবনুৱাই। আজিৰেপৰা পাছপ’ৰ্ট আৰু গৃহ বিভাগক চৰকাৰে একত্ৰিত কৰিলে বুলিও সংবাদমেলত মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ক্ৰীড়া পেঞ্চন লাভ কৰা ব্যক্তিয়ে বৰ্তমানৰেপৰা ৮ হাজাৰ টকাৰৰ পৰিৱৰ্তে ১০ হাজাৰকৈ টকা লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ‘শংকৰদেৱ নেত্ৰালয়’ৰ বাবে অনুমোদিত ভূমিৰ চৰকাৰী কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে কেবিনেটে।
অলিম্পিক, এছিয়ান আৰু কমলৱেল্থ গেমছৰ পদক প্ৰাপকসকললৈ ‘গ্ৰেড-১’ চাকৰিৰ ব্যৱস্থা কৰা হ’ব বুলিও হাজৰিকাই মন্তব্য প্ৰকাশ কৰে। আনহাতে ৱ’ল্ড চেম্পিয়নশ্বিপত পদক প্ৰাপকসকলক ‘গ্ৰেড-২’ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া পদক প্ৰাপকসকললৈ ‘গ্ৰেড-৩’ৰ চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ‘প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী’ বিভাগক ‘information and public relations’ৰ লগত সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। উপৰোক্ত সিদ্ধান্তসমূহক লৈ আশাবাদী পীয়ুষ হাজৰিকা।
Leave A Comment